
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত নতুন মূৰ। সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিলে শাদৰ পাৱৰে। এন চি পিৰ মূৰব্বী তথা মহাৰাষ্ট্ৰৰ লগতে দেশৰে এজন প্ৰসিদ্ধ ৰাজনৈতিক নেতা হিচাপে পৰিচিত শাৰদ পাৱৰে আজি এন চি পিৰ মূৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ লগতে সক্ৰিয় ৰাজনীতিৰ পৰাও অৱসৰ ঘোষণা কৰিছে।
উল্লেখ্য যে এইগৰাকী শাৰদ পাৱৰে দেশত নৰেন্দ্ৰ মোডী তথা বিজেপি বিৰোধী মিত্ৰজোঁট গঠনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বতে বিৰোধী দলসমূহে মোডীৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ পণ লৈছিল। আনকি তেওঁৱেই মোডীৰ বিকল্প কোন হ'ব সেই বিষয়ে ৰণনীতি গ্ৰহণ কৰিছিল।
তাৎপৰ্যপূৰ্ণ ভাৱে এইগৰাকী শাৰদ পাৱাৰৰ তেওঁৰ বাসগৃহত গৈ সৌ সিদিনা গৌতম আদানীয়ে সাক্ষাৎ কৰিছিল। যাৰ বাবে দেশৰ ৰাজনীতি গৰম হৈ পৰিছিল। চৰ্চা চলিছিল ঐক্যবদ্ধ বিৰোধী শিবিৰ ভাঙিবলৈ ৰণক্ষেত্ৰত নিজেই নামি পৰিছে গৌতম আদানী বুলি।
ঐক্যবদ্ধ বিৰোধীৰ অন্যতম পৃষ্ঠপোষক তথা এন চি পিৰ নেতা শাৰদ পাৱাৰক সাক্ষাৎ কৰিবলৈ গৈ গৌতম আদানীয়ে পাৱাৰৰ মুম্বাইস্থিত বাসগৃহত প্ৰায় ২ ঘণ্টা ধৰি আলোচনাত বহিছিল।
যি সময়ত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি সকলো বিৰোধী ৰাজনৈতিক দলে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ যুটীয়া সংসদীয় কমিটী গঠন কৰিবলৈ দাবী জনাই আহিছে আদানী কাণ্ডৰে দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে, সেই সময়তে কিন্তু শাৰদ পাৱাৰে আদানীৰ পক্ষ লোৱা পৰিলক্ষিত হৈছিল।
তাৰ পিছত এইদৰে আদানীয়ে শাৰদ পাৱাৰৰ বাসগৃহলৈ গৈ ২ ঘণ্টা ধৰি বৈঠকত মিলিত হোৱা বিষয়টোক সহজ ভাৱে ল’ব পৰা নাছিল বিৰোধীয়ে। বিৰোধীৰ সন্দেহ আছিল ধনকুবেৰ আদানীয়ে শাৰদ পাৱাৰক ব্যৱহাৰ কৰি বিৰোধী শিবিৰ ভংগ কৰি বিজেপিক পুনৰ ক্ষমতালৈ অহাৰ বাট মুকলি কৰি দিয়াৰ বাবে নিজেই ৰণক্ষেত্ৰত নামি পৰিছে।
সেই আশংকাই শুদ্ধ হ'ল নেকি? শাৰদ পাৱাৰৰ হঠাৎ সক্ৰিয় ৰাজনীতি ত্যাগে কিন্তু এই প্ৰশ্নবোৰক পুনৰ প্ৰাসংগিক কৰি তুলিছে। অৱশ্যে এই বিষয়ে সবিশেষ জানিবলৈ আৰু কিছুপৰ অপেক্ষা কৰিব লাগিব।