শাৰদ পাৱাৰৰ ঘৰত গৌতম আদানীঃ ৰাজনীতিত ধুমুহা, ভংগ হ'ব ঐক্যবদ্ধ বিৰোধী !

শাৰদ পাৱাৰৰ ঘৰত গৌতম আদানীঃ ৰাজনীতিত ধুমুহা, ভংগ হ'ব ঐক্যবদ্ধ বিৰোধী !
শাৰদ পাৱাৰৰ ঘৰত গৌতম আদানীঃ ৰাজনীতিত ধুমুহা, ভংগ হ'ব ঐক্যবদ্ধ বিৰোধী !

ডিজিটেল ডেস্কঃ প্ৰত্যক্ষ ৰাজনীতিলি গৌতম আদানী ! ঐক্যবদ্ধ বিৰোধী শিবিৰ ভাঙিবলৈ ৰণক্ষেত্ৰত নিজেই নামি পৰিছে গৌতম আদানী। দেশৰ ৰাজনীতিত আজিৰ দিনটোত এই বিষয়ে চলিছে সৰৱ চৰ্চা।

কিয়নো ঐক্যবদ্ধ বিৰোধীৰ অন্যতম পৃষ্ঠপোষক তথা এন চি পিৰ নেতা শাৰদ পাৱাৰক সাক্ষাৎ কৰিলে গৌতম আদানীয়ে। আজি আদানীয়ে শাৰদ পাৱাৰৰ মুম্বাইস্থিত বাসগৃহলৈ নিজেই গৈ প্ৰায় ২ ঘণ্টা ধৰি পাৱাৰৰ সৈতে আলোচনাত বহে।

ইয়াৰ পিছতে এতিয়া চৰ্চা চলিছে ২০২৪ ৰ নিৰ্বাচনত যি ঐক্যবদ্ধ বিৰোধীৰ কথা কোৱা হৈছিল সেই ঐক্যত ভাঙোন আৰম্ভ হৈ গৈছে। উল্লেখ্য যে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি যি সময়ত সকলো বিৰোধী ৰাজনৈতিক দলে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ যুটীয়া সংসদীয় কমিটী গঠন কৰিবলৈ দাবী জনাই আহিছে আদানী কাণ্ডৰে দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে, সেই সময়তে কিন্তু শাৰদ পাৱাৰে আদানীৰ পক্ষ লোৱা পৰিলক্ষিত হৈছিল।

তাৰ পিছত এইদৰে আদানীয়ে শাৰদ পাৱাৰৰ বাসগৃহলৈ গৈ ২ ঘণ্টা ধৰি বৈঠকত মিলিত হোৱা বিষয়টোক সহজ ভাৱে ল’ব পৰা নাই বিৰোধীয়ে। বিৰোধীৰ সন্দেহে ধনকুবেৰ আদানীয়ে শাৰদ পাৱাৰক ব্যৱহাৰ কৰি বিৰোধী শিবিৰ ভংগ কৰি বিজেপিক পুনৰ ক্ষমতালৈ অহাৰ বাট মুকলি কৰি দিয়াৰ বাবে নিজেই ৰণক্ষেত্ৰত নামি পৰিছে।

মন কৰিবলগীয়া যে, শাৰদ পাৱাৰৰ সৈতে গৌতম আদানীৰ সম্পৰ্ক পূৰ্বৰে পৰা মধুৰ। গৌতম আদানী যিদৰে প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ ঠিক সেইদৰে শাৰদ পাৱাৰৰ সৈতেও ঘনিষ্ঠ।

কিছুদিন পূৰ্বে গুজৰাটত শাৰদ পাৱাৰে আদানীৰ আতিথ্য গ্ৰহণ কৰিছিল। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছতে শাৰদ পাৱাৰে বিৰোধীৰ ঐক্যবদ্ধ স্থিতিৰ বিপৰীতে অৱস্থান কৰি আদানীৰ সুৰতেই সুৰ মিলাই কৈছিল গৌতম আদানীক টাৰ্গেত কৰি লোৱা হৈছে। বাহিৰৰ কাৰোবাৰ দাবীৰ ভিত্তিত দেশৰ ভিতৰত কোনোধৰণৰ অস্থিৰতা সৃষ্টি কৰাটো উচিত নহয়।

শাৰদ পাৱৰৰ এই অৱস্থানে অস্বস্তিত পেলাইছে বিৰোধীক। কিয়নো বিৰোধী শিবিৰৰ অন্যতম শক্তিশালী নেতা হৈছে শাৰদ পাৱাৰ। আৰু বিৰোধীৰ এই মুহূৰ্তত প্ৰধান শত্ৰু গৌতম আদানী।

অথচ সেই আদানীৰ সৈতে শাৰদ পাৱাৰৰ এনে মধুৰ সম্পৰ্ক !

শাৰদ পাৱাৰৰ ঘৰত গৌতম আদানীঃ ৰাজনীতিত ধুমুহা, ভংগ হ'ব ঐক্যবদ্ধ বিৰোধী !
ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in