ছত্তিশগড়ত নিৰ্বাচনৰ মাজতে পুনৰ গুলীয়াগুলী...

ছত্তিশগড়ত নিৰ্বাচনৰ মাজতে পুনৰ গুলীয়াগুলী...
ছত্তিশগড়ত নিৰ্বাচনৰ মাজতে পুনৰ গুলীয়াগুলী...

ডিজিটেল ডেস্কঃ এটাৰ পাছত এটাকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ছত্তিশগড়ত। ৰাজ্যখনৰ আজি ২০ টা বিধানসভা সমষ্টিত চলি আছে ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ মাজতে পুৱাৰে পৰা বিভিন্ন স্থানত মাওবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সুৰক্ষা কৰ্মীক।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি ভোটগ্ৰহণ চলি থকা এটা কেন্দ্ৰৰ পৰা কিছু নিলগত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা। ৰাজ্যখনৰ সুখমা আৰক্ষীয়ে জনোৱা অনুসৰি বান্দা ভোট কেন্দ্ৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ আঁতৰত ডি আৰ জি কৰ্মীৰ ওপৰত নক্সালবাদীয়ে গুলীচালনা কৰিছে।

নক্সালবাদীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে সুৰক্ষা কৰ্মীৰ দলটোৱেও। অৱশ্যে এই ঘটনাত কোনো হতাহতি হোৱা নাই। ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ কাৰ্যসূচী অব্যাহত আছে। ইয়াৰ পূৰ্বে সোমবাৰে সন্ধিয়া সংঘটিত হৈছিল আন এক আই ই ডি বিস্ফোৰণ।

মঙ্গলবাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে জিলাখনৰ টোন্দামাৰ্কাত এক আই ই ডি বিস্ফোৰণ হয়। এই বিস্ফোৰণত চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে।

জানিব পৰা মতে ভোটগ্ৰহণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ টোন্দামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডাৰ দিশে চি আৰ পি এফ আৰু কোব্ৰা কামাণ্ডোৰ ২০৬ নং বেটেলিয়নৰ এটা যুটীয়া দলে তহল দিবলৈ গৈছিল। সেই সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

পেট্ৰলিঙৰ সময়ত সংঘটিত হোৱা এই বিস্ফোৰণত ২০৬ নং কোব্ৰা কামাণ্ডো বেটেলিয়নৰ ইন্সপেক্টৰ শ্ৰীকান্ত আঘাতপ্ৰাপ্ত হয়। উল্লেখ্যযোগ্য, এই অঞ্চলটো কোণ্টা বিধানসভা সমষ্টিৰ অন্তৰ্গত। যি নক্সাল অধ্যুষিত অঞ্চলৰো এটা ইফালে আজি মাওবাদীয়ে নিৰ্বাচন বৰ্জনৰো আহ্বান জনাইছিল।

সোমবাৰে নিশা কাংকেৰ জিলাত সংঘটিত হৈছিল আন এক বিস্ফোৰণ। ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী। এই ঘটনাত এজন সুৰক্ষা কৰ্মী আৰু দুজন নিৰ্বাচনী বিষয়াৰ সৈতে মুঠ ৩ জন লোক আহত হৈছে।

আজি ৰাজ্যখনত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ২০ সমষ্টিৰ ১২ টায়েই মাওবাদী অধ্যুষিত অঞ্চলৰ। যাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভোটগ্ৰহণৰ সময়ছোৱাত হেলকিপ্টাৰ আৰু দ্ৰোণেৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ছত্তিশগড়ত নিৰ্বাচনৰ মাজতে পুনৰ গুলীয়াগুলী...
LIVE UPDATES: ছত্তিশগড়ত পুনৰ অঘটন: মাওবাদী আৰু সুৰক্ষীকৰ্মীৰ মাজত গুলীয়াগুলীৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in