LIVE UPDATES: বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৩ বজালৈ প্ৰায় ৬০ শতাংশ ভোটদান..
LIVE UPDATES: বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৩ বজালৈ প্ৰায় ৬০ শতাংশ ভোটদান..

LIVE UPDATES: বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৩ বজালৈ প্ৰায় ৬০ শতাংশ ভোটদান..

বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত প্ৰায় ৬০ শতাংশ ভোটদান 

ছত্তিশগড়ত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজতে প্ৰায় ৬০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত এই মুহূৰ্তলৈকে ৫৯.১৯ শতাংশ ভোটদান হৈছে।

নক্সালবাদীৰে সুৰক্ষা কৰ্মীৰ সংঘৰ্ষ

এটাৰ পাছত এটাকৈ ছত্তিশগড়ত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। পুনৰ ৰাজ্যখনত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ কেইবাজনো মাওবাদী আহত অথবা নিহত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে কাংকেৰ জিলাৰ বান্দা আৰক্ষী থানৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত এটা এ কে৪৭ ৰাইফল উদ্ধাৰ কৰা হৈছে। এই অঞ্চলতে আজি পুৱাৰ ভাগৰ বি এছ এফ আৰু ডি আৰ জি দলৰ সৈতে নক্সালবাদীৰ এক সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত অৱশ্যে কোনো হতাহতি হোৱা নাছিল। তাৰ পাছৰ পৰাই অঞ্চলটোত নক্সাল বিৰোধী অভিযান চলি আছে।

৪৪ শতাংশ ভোটদান সম্পন্ন

মাওবাদীৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ, বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৪৪ শতাংশৰো অধিক ভোটদান সম্পন্ন। নিৰ্বাচন আয়োগৰ তথ্য মতে ৪৪.৫৫ শতাংশ ভোটদান সাব্যস্ত।

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পুনৰ কংগ্ৰেছে উত্থাপন কৰিলে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। মঙ্গলবাৰে ছত্তিশগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে অভিযোগ উত্থাপন কৰি কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা প্ৰকল্পৰ সময়সীমা আৰ ৫ বছৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে। এই সন্দৰ্ভত এক্সত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, এই প্ৰকল্পৰ ম্যাদ ৫বছৰ বৃদ্ধি কৰা কাৰ্যই প্ৰধানমন্ত্ৰীৰ বিফলতাকে স্বীকৃতি দিছে।

১ বজালৈ ছত্তিশগড়ত ৪৪ শতাংশৰো অধিক লোকৰ ভোটাধিকাৰ সাব্যস্ত

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ভোটগ্ৰহণ চলি থকা ২০ টা সমষ্টিত ৪৪.৫৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

নিৰ্বাচনত বিজয় লাভৰ পৰা ভোটগ্ৰহণৰ দিনটোতে পূজা পাতিছে ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে আজি তেওঁৰ বাসগৃহত অনুষ্ঠিত কৰিছে পূজা-অৰ্চনা। ২০ টা সমষ্টিতপ্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে বিজয় লাভৰ আশাৰে তেওঁ স্ববাসগৃহত এই পূজা অনুষ্ঠিত কৰিছে।

ৰাজনন্দগাওঁৰ সৈতে ৰমন সিঙৰ সুদীৰ্ঘ ২৫ বছৰ ধৰি সম্পৰ্ক আছে। ১৯৯৮ চনত তেওঁ বিজেপিৰ টিকটত ইয়াত নিৰ্বাচন খেলি কংগ্ৰেছক পৰাস্ত কৰিছিল। তেওঁ অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰো সদস্য হৈছিল। ২০০৮ ৰ পৰা তেওঁ ২০১৮ লৈ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয় সাব্যস্ত কৰি আহিছিল যদিও ২০১৮ ত ১৭০০০ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।

ভোটাৰক আকৰ্ষণৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰশংসনীয় পদক্ষেপঃ স্থাপন কৰিছে ইক' ফ্ৰেইণ্ডলী ভোটকেন্দ্ৰ

ভোটাৰক আকৰ্ষণৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ। ছত্তিশগড়ৰ বিজাপুৰ বিধানসভা সমষ্টিত নিৰ্মাণ কৰিছে ইক' ফ্ৰেইণ্ডলী ভোটকেন্দ্ৰ। ভোটকেন্দ্ৰত ভোটাৰক আদৰিবলৈ অপেক্ষা কৰিছে শুভংকৰে।

এফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আনফালে প্ৰধানমন্ত্ৰীৰ জনসভা

যিসময়ত ছত্তিশগড়ৰ ২০ টাকৈ সমষ্টিত ভোটগ্ৰহণ অব্যাহত আছে সেই সময়তে ছত্তিশগড়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এন জনসভা সম্বোধন কৰিছে। ৰাজ্যখনৰ বিশ্ৰামপুৰত অনুষ্ঠিত হোৱা এই জনসভাত অংশগ্ৰণ কৰি তেওঁ কয়, "যেতিয়াই কংগ্ৰেছ শাসনলৈ আহে, দেশত সন্ত্ৰাসবাদী আৰু নক্সালবাদীৰ সাহস বৃদ্ধি পায়...। কংগ্ৰেছ চৰকাৰে নক্সাল হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে। সাম্প্ৰতিক সময়ত, বহুত বিজেপি কৰ্মীক আমাৰ পৰা কাঢ়ি লোৱা হৈছে। কেইদিনমান আগতে, আমাৰ এজন কাৰ্যকৰ্তাক গুলীয়াই হত্যা কৰা হৈছিল..."

সুৰক্ষাকৰ্মীলৈ লক্ষ্য কৰি সুখমা ভোটকেন্দ্ৰৰ কাষত নক্সালবাদীৰ গুলীচালনা

ছত্তিশগড়ত পুনৰ সংঘটিত হৈছে এক হিংসাত্মক ঘটনা। ৰাজ্যখনৰ সুখমা আৰক্ষীয়ে জনোৱা অনুসৰি বান্দা ভোট কেন্দ্ৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ আঁতৰত ডি আৰ জি কৰ্মীৰ ওপৰত নক্সালবাদীয়ে গুলীচালনা কৰিছে। নক্সালবাদীৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে সুৰক্ষা কৰ্মীৰ দলটোৱেও। অৱশ্যে এই ঘটনাত কোনো হতাহতি হোৱা নাই। ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ কাৰ্যসূচী অব্যাহত আছে।

হত্যাৰ বলি হোৱা বিজেপি নেতাৰ পৰিয়ালে সাব্যস্ত কৰিলে ভোটাধিকাৰ

নিৰ্বাচনৰ পূৰ্বে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা ছত্তিশগড়ৰ বিজেপি নেতা ৰতন ডুবেৰ পৰিয়াল সদস্যই আজি সাব্যস্ত কৰিলে ভোটাধিকাৰ। নাৰায়ণপুৰ জিলা বিজেপিৰে উপ-সভাপতি তথা এছেম্বলি কেনভেনৰৰ দায়িত্বত থকা ৰতন ডুবেক কুশলনগৰ গাঁৱৰ এখন বজাৰত হত্যা কৰা হৈছিল।

ভোটদান কৰি ওলাই অহাৰ সময়ত ৰতন ডুবেৰ আত্মীয়
ভোটদান কৰি ওলাই অহাৰ সময়ত ৰতন ডুবেৰ আত্মীয়

১১ বজালৈ প্ৰায় ২৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ছত্তিশগড়ত দিনৰ ১১ বজালৈকে প্ৰায় ২৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। মাওবাদীৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ, ঠায়ে ঠায়ে আই ই ডি বিস্ফোৰণেও হ্ৰাস কৰিব পৰা নাই জনতাৰ মনোবল। সকলো ওলাই আহিছে ভোটদান কৰিবলৈ। এই পৰ্যন্ত ৰাজ্যখনত ২২.৯৭ শতাংশ ভোটদান হৈছে।

ছত্তিশগড়ত আকৌ এবাৰ বিশ্বাসৰ চৰকাৰঃ প্ৰিয়ংকা গান্ধী 

ছত্তিশগড়ৰ ভাতৃ,ভগ্নীয়ে বিশ্বাস কৰিছে কংগ্ৰেছেৰ প্ৰতিশ্ৰুতিসমূহক। আমি ছত্তিশগড়ক এক উন্নয়ন মডেললৈ ৰূপান্তৰ কৰিছো। এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। তেওঁ লগতে কয়, ছত্তিশগড়ৰ ভাতৃ, ভগ্নীসকলে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত বিশ্বাস কৰিছে। আমি এয়া কৰি দেখুৱাইছো। তেওঁ কয় ছত্তিশগড়ত আকৌ এবাৰ কংগ্ৰেছৰ বিশ্বাসৰ চৰকাৰ গঠন হ'ব।

ছত্তিশগড়ত কমিছে মাওবাদী কাৰ্যকলাপঃ ভূপেশ বাঘেল

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মতে ছত্তিশগড়ত পূৰ্বতকৈ বহু হ্ৰাস পাইছে মাওবাদী কাৰ্যকলাপ। কংগ্ৰেছৰ ৫ বছৰীয়া কাৰ্যকলাপত নক্সালবাদ যথেষ্ট পিছুৱাই গৈছে। ফলত গ্ৰামাঞ্চলৰ ভিতৰত ভোটকেন্দ্ৰ স্থাপন কৰিব পৰা গৈছে। গ্ৰামাঞ্চলৰ লোকসকলে নিজৰ গাঁৱতে ভোটাধিকাৰ সাব্যস্ত কৰিব। নক্সাল প্ৰভাৱিত অঞ্চলসমূহত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছে বাঘেলে।

কাৰিগুণ্ডামত ২৩ বছৰৰ পিছত ভোটগ্ৰহণ

ছত্তিশগডড়ৰ নক্সাল অধ্যুষিত কাৰিগুণ্ডাম অঞ্চলত ২৩ বছৰৰ পাছত আজি অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ। এই অঞ্চলটো আছে দান্তেৱাড়া সমষ্টি। এই সমষ্টিটো এছ টিৰ বাবে সংৰক্ষিত।

চি আৰ পি এফৰ ১৫০ বেটেলিয়ন আৰু আৰক্ষীৰ সুৰক্ষা বেষ্টনিৰ মাজত পুৱাৰে পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত জনতাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গৈছে।

৯-৩০ বজালৈ ১০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ অব্যাহত আছে। ৯-৩০ বজালৈ প্ৰায় ১০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। বিয়লি ৩ বজালৈ অব্যাহত থাকিবলগীয়া এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত মাওবাদীৰ বাধাৰ পাছতো অভিলেখ সংখ্যক লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশা কৰা হৈছে।

ছুকমা জিলাত আই ই ডি বিস্ফোৰণঃ ইন্সেপেক্টৰ আহত

নক্সাল অধ্যুষিত ছুকমা জিলাত পুনৰ সংঘটিত হ'ল এক আই ই ডি বিস্ফোৰণ। ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে এই জিলাখনত। মঙ্গলবাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে জিলাখনৰ টোন্দামাৰ্কাত এক আই ই ডি বিস্ফোৰণ হয়। এই বিস্ফোৰণত চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে।

জানিব পৰা মতে ভোটগ্ৰহণৰ সময়ছোৱাত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ টোন্দামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডাৰ দিশে চি আৰ পি এফ আৰু কোব্ৰা কামাণ্ডোৰ ২০৬ নং বেটেলিয়নৰ এটা যুটীয়া দলে তহল দিবলৈ গৈছিল। সেই সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

পেট্ৰলিঙৰ সময়ত সংঘটিত হোৱা এই বিস্ফোৰণত ২০৬ নং কোব্ৰা কামাণ্ডো বেটেলিয়নৰ ইন্সপেক্টৰ শ্ৰীকান্ত আঘাতপ্ৰাপ্ত হয়। উল্লেখ্যযোগ্য, এই অঞ্চলটো কোণ্টা বিধানসভা সমষ্টিৰ অন্তৰ্গত। যি নক্সাল অধ্যুষিত অঞ্চলৰো এটা ইফালে আজি মাওবাদীয়ে নিৰ্বাচন বৰ্জনৰো আহ্বান জনাইছিল।

সোমবাৰে নিশা কাংকেৰ জিলাত সংঘটিত হৈছিল আন এক বিস্ফোৰণ। ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী। এই ঘটনাত এজন সুৰক্ষা কৰ্মী আৰু দুজন নিৰ্বাচনী বিষয়াৰ সৈতে মুঠ ৩ জন লোক আহত হৈছে।

আজি ৰাজ্যখনত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ২০ সমষ্টিৰ ১২ টায়েই মাওবাদী অধ্যুষিত অঞ্চলৰ। যাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভোটগ্ৰহণৰ সময়ছোৱাত হেলকিপ্টাৰ আৰু দ্ৰোণেৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে জনালে বিশেষ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সকলো ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। তেওঁ যুৱ আৰু প্ৰথমাবৰৰ বাবে ভোটদান কৰা ভোটাৰসকলক বিশেষ অভিনন্দন জনাইছে।

ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময়তে বিস্ফোৰণ

ৰাজ্যখনৰ নক্সাল অধ্যুষিত ছুকমা জিলাৰ তন্দামাৰ্কাত আই ই ডি বিস্ফোৰণৰ ফলত চি আৰ পি এফৰ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে। জোৱানজন আছিল নিৰ্বাচনৰ দায়িত্বত।

ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

৯০ খন বিধানসভা সমষ্টিৰ ছত্তিশগড়ৰ মুঠ ২০ খন আসনত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ মুঠ ৪০ লাখ ভোটাৰে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in