মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে মাওবাদীৰ IED আক্ৰমণ, এজন জোৱান শ্বহীদ

মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে মাওবাদীৰ IED আক্ৰমণ, এজন জোৱান শ্বহীদ

ডিজিটেল ডেস্কঃ বুধবাৰে শপত গ্ৰহণ কৰিব চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই। ইয়াৰ পূৰ্বে ৰাজ্যখনত সংঘটিত হয় নক্সালবাদীৰ আক্ৰমণৰ ঘটনা। নক্সালবাদীয়ে নাৰায়ণপুৰত আইইডি বিস্ফোৰণ কৰাৰ ফলত এজন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে।

জানিব পৰা মতে নক্সালবাদীসকলে নাৰায়ণপুৰৰ আমদাই খনিত এই আক্ৰমণ কৰে।এই আক্ৰমণত শ্বহীদ হোৱা জোৱান গৰাকী CAF কনিষ্টবল কমলেশ চাহু। আনহাতে আন এগৰাকী জোৱান বিনয় কুমাৰ চাহু গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পূৰ্বে সোমবাৰে নক্সালবাদীয়ে সুকমা জিলাত আইইডি বিস্ফোৰণ কৰিছিল। য'ত দুগৰাকী নিৰাপত্তাৰক্ষী আহত হৈছিল।

উল্লেখ্য যে, ৩ ডিচেম্বৰত ঘোষণা হৈছিল চত্তিশগড় বিধানসভা নিৰ্বাচনৰ ফলাফল। ৯০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছিল। আজি বিজেপিয়ে অনুষ্ঠিত কৰিছে শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা।

মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে মাওবাদীৰ IED আক্ৰমণ, এজন জোৱান শ্বহীদ
কাজিৰঙাত আগমন পৰিভ্ৰমী পক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in