কাজিৰঙাত আগমন পৰিভ্ৰমী পক্ষীৰ

কাজিৰঙাত আগমন পৰিভ্ৰমী পক্ষীৰ

ডিজিটেল সংবাদ, ,কাজিৰঙাঃ পলমকৈ হ’লেও পৰিভ্ৰমী পক্ষীৰ কলৰেবৰে মুখৰিত হৈ পৰিল কাজিৰঙাৰ আকাশ ৷জলাশয় বিল সমূহত অৱতাৰণা হ’ল মনোমোহা দৃশ্য ৷

প্ৰতি বছৰৰ দৰে পুনৰ জাকেজাকে ধৃতৰাজ পক্ষী পৰিলহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কহঁৰাৰ হুকুমা বিলত। সাধাৰণতে অক্টোবৰৰ শেষত বা নবেম্বৰৰ প্ৰথম ভাগত কাজিৰঙালৈ আগমন হয় পৰিভ্ৰমী পক্ষী ৷ বিপৰীতে চলিত বৰ্ষত আগমন হোৱা পৰিভ্ৰমী পক্ষীৰ সংখ্যা নগণ্য হোৱাত স্বাভাবিকতে আশাহত কৰিছিল পক্ষীপ্ৰেমীক ৷

ইয়াৰ কাৰণ জলবায়ুৰ পৰিবৰ্তনৰ বুলি ধাৰণা কৰাৰ লগতে বিশ্বৰ কেইবাখনো দেশত চলি থকা যুদ্ধও অন্যতম কাৰণ হিচাবে বুলিও মতপ্ৰকাশ কৰিছে অভিজ্ঞ মহলে ৷ ইয়াৰ মাজতে পলমকৈ আহি পৰা পৰিভ্ৰমী পক্ষীবোৰে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ খনলৈ আনিছে আশাৰ ৰেঙণি।

কাজিৰঙাত আগমন পৰিভ্ৰমী পক্ষীৰ
জাগীৰোডৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in