দেশৰ বিভিন্ন স্থানৰ লগতে কামাখ্যা মন্দিৰতো নৱৰাত্ৰি উদযাপন...

দেশৰ বিভিন্ন স্থানৰ লগতে কামাখ্যা মন্দিৰতো নৱৰাত্ৰি উদযাপন...

ডিজিটেল ডেস্কঃ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। এই নৱৰাত্ৰি ২৩ অক্টোবৰলৈ চলিব। মা প্ৰতিবাৰেই বিভিন্ন বাহনত আহে। এইবাৰ মা দুৰ্গা ঘোৰাত আহিছে আৰু ঘোৰাতেই তেওঁ পৃথিৱীৰ পৰা কৈলাশলৈ যাব।

উল্লেখ্য যে, বিভিন্ন স্থানৰ লগতে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰতো নৱৰাত্ৰি পালন হ'ব। এই সময়চোৱাত কামাখ্যা ধামত অসংখ্য ভিৰ পৰিলক্ষিত হয়।

আন দুৰ্গা পূজা মণ্ডপ সমূহৰ দৰে নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰত মা দুৰ্গাক কোনো মূৰ্তি তৈয়াৰ কৰি উপাসনা কৰা নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই কামাখ্যা মন্দিৰত ভিৰ কৰে। এই সময়চোৱাত দেৱীৰ ৯ টা অৱতাৰ পূজা কৰা হয়।

বিশ্বাস মতে দেৱী দুৰ্গাই চাৰিটা সন্তান (লক্ষ্মী, সৰস্বতী, কাৰ্তিক আৰু গণেশ)ৰ সৈতে পৃথিৱীত থকা তেওঁৰ মাতৃ গৃহলৈ যায় আৰু বিজয় দশমীত কৈলাশলৈ ৰাওনা হয়। প্ৰতিদিনেই বেলেগে বেলেগ নিয়মৰে পূজা সম্পন্ন কৰা হয়।

মহা সপ্তমীত কপৌ, ছাগলী, ম'হ আদি বলি দিয়া হয়। পষেকৰ অষ্টম দিনটোত এক বিশেষ ভোগ আগবঢ়োৱা হয়। মহা নৱমীত, হাঁহ বলি দিয়া হয় আৰু দশম দিনা পুৱা পূজা কৰা হয় আৰু দেৱীক ভজা কপৌৰ মাংসৰ সৈতে পন্তভাটা প্ৰদান কৰা হয়।

দুৰ্গা পূজাৰ সময়ত কুমাৰী পূজাও সম্পন্ন কৰা হয়। কুমাৰী ছোৱালীবোৰক কামাখ্যা দেৱীৰ প্ৰকাশ হিচাপে পূজা কৰা হয়। ৰীতি-নীতি অনুসৰি নতুন ৰঙা শাৰী, সিন্দুৰ, মালা, গহনা আদিৰে সজ্জিত কৰা হয় কুমাৰীসকলক। ইয়াৰোপৰি প্ৰতিটো দিনতেই বেলেগ বেলেগ ৰীতি নীতিৰে মা দুৰ্গাক উপাসনা কৰা হয়।

দুৰ্গা মাৰ প্ৰতিটো ৰূপৰে আছে বেলেগ বেলেগ মহত্ব। দুৰ্গা মাৰ প্ৰথমটো ৰূপ শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনৰ পূজা মা শৈলপুত্ৰীক কৰা হয়। পাৰ্বতীয়েই হৈছে শৈলপুত্ৰী। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়।

আনহাতে, দুৰ্গা মাৰ দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণী অৰ্থাৎ যেতিয়া তেওঁ তপস্যাৰ জৰিয়তে শিৱক বিচাৰি পাইছিল। শিৱৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ একমাত্ৰ ইচ্ছা আছিল তেওঁৰ।

তৃতীয়টো ৰূপ হৈছে চন্দ্ৰঘন্টা।  মূৰত চন্দ্ৰ আকৃতিৰ তিলক থকা বাবে দেৱী মাৰ তৃতীয়টো ৰূপক চন্দ্ৰঘন্টা বুলি কোৱা হয়। আনহাতে, চতুৰ্থ ৰূপটো হ'ল কুশমাণ্ডা। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ শক্তি অৰ্জন কৰাৰ বাবে তেওঁক কুশমাণ্ডা বুলি কোৱা হৈছিল। প্ৰতিগৰাকী মহিলাই এগৰাকী জন্মদাতা মহিলা। প্ৰত্যেক মহিলাৰ পেটত বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ শক্তি আছে। সেইবাবে তেওঁৰ চতুৰ্থটো ৰূপক কুশমাণ্ডা বুলি কোৱা হয় ।

স্কন্দমাতা হৈছে দেৱী দুৰ্গাৰ পঞ্চমটো ৰূপ। মা পাৰ্বতীৰ পুত্ৰ কাৰ্তিকেয়ৰ অন্য এটি নাম হৈছে স্কন্দ। সেই বাবে তেওঁক স্কন্দাৰ মাতৃ বা স্কন্দমাতা বুলি কোৱা হয়। ষষ্ঠ ৰূপক কাতিয়ানী বুলি জনা যায়। ইয়াৰ কাৰণ হৈছে - যজ্ঞৰ জুইত ভষ্মীভূত হোৱাৰ পিছত মহৰ্ষি কাত্যনীৰ তপস্যাত বৰদানত তেওঁ কন্যা হিচাপে জন্ম গ্ৰহণ কৰিছিল। যাৰ বাবে তেওঁক কাতিয়ানী বুলি কোৱা হয়। 

ইয়াৰ পাছতে আহিল দেৱীৰ সপ্তমটো ৰূপ। কালৰাত্ৰি হৈছে মা দুৰ্গাৰ সপ্তম ৰূপ। পৃথিৱীৰ সকলো সংকট বিনাশ কৰি সকলোকে ৰক্ষা কৰে মা পাৰ্বতীয়ে। সেয়েহে ইয়াক কালৰাত্ৰি বুলি কোৱা হয়। 

মহাগৌৰী হৈছে দেৱীৰ অষ্টমটো ৰূপ। কঠোৰ তপস্যাৰ ফলত দেৱীৰ বৰণ ক'লা হৈ পৰিছিল আৰু সেই তপস্যাৰ বাবে শিৱ সন্তুষ্টও হৈছিল। তপস্যা শেষ কৰি গংগাৰ পবিত্ৰ পানীৰে যেতিয়া নিজৰ শৰীৰ ধুইছিল তেতিয়া তেওঁ বিদ্যুৎ প্ৰভাৰ দৰে উজ্জ্বল হৈ পৰিছিল। সেই বাবে তেওঁৰ অষ্টমটো নাম মহাগৌৰী। 

দেৱীৰ ৯ টা ৰূপ অন্তিম অৰ্থাৎ নৱমটো ৰূপ হৈছে সিদ্ধিদাত্ৰী। মা দুৰ্গাক উপসনা কৰা ভক্তক সকলো ধৰণৰ সফলতা প্ৰদান কৰা হয় বাবে  তেওঁক সিদ্ধিদাত্ৰী বুলি কোৱা হয়। শাৰদীয় দুৰ্গা পূজাৰ নৱম দিনা সিদ্ধিদাত্ৰীৰ ৰূপত ’মা’ৰ উপাসনা কৰা হয় ৷  

দেশৰ বিভিন্ন স্থানৰ লগতে কামাখ্যা মন্দিৰতো নৱৰাত্ৰি উদযাপন...
ধন লোৱাৰ অভিযোগঃ পুনৰ আটক চৰকাৰী কৰ্মচাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in