তামিলনাডুৰ এটি ৰে'লআলিৰ মনোমোহা সৌন্দৰ্য

পাহাৰখনৰ কাষৰ সেইজীয়া গছ-গছনিৰে আৱৰা এখন জংঘলৰ মনোমোহা দৃশ্যই প্ৰত্যক্ষদৰ্শীক আপ্লুত কৰিছে

author-image
Asomiya Pratidin
New Update
তামিলনাডুৰ এটি ৰে'লআলিৰ মনোমোহা সৌন্দৰ্য

ডিজিটেল ডেস্কঃ বসন্ত ঋতুৰ পাছৰে পৰা চাৰিওফালে কেৱল সেউজীয়া আৰু সেইজীয়া। ন-কৈ অহা বৰষুণত প্ৰাণ পাই উঠিছে সকলো তৰু-তৃণ,গছ-লতিকাই। মুঠৰ ওপৰত যেনিয়েই চোৱা তেনিয়েই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য।

Advertisment

এনেবোৰ সৌন্দৰ্যৰ মাজতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে দক্ষিণৰ মাদুৰাইৰ এখন পাহাৰৰ অপৰূপ সৌন্দৰ্য। বৰষুণ অহাৰ আগমুহুৰ্তত মেঘে আৱৰা পাহাৰ আৰু পাহাৰখনৰ কাষৰ সেইজীয়া গছ-গছনিৰে আৱৰা এখন জংঘলৰ মনোমোহা দৃশ্যই প্ৰত্যক্ষদৰ্শীক আপ্লুত কৰিছে।

পাহাৰখন আৰু জংঘলৰ মাজেৰে পাৰ হৈ গৈছে এটি ৰে'লআলি। যিয়ে পাহাৰ আৰু ডাৱৰ সংমিশ্ৰিত সৌন্দৰ্য দেখিছে তেঁৱেই নিজৰ কেমেৰাত বন্দি কৰিছে এই অপৰূপ সৌন্দৰ্য। যাত্ৰাকালত প্ৰকৃতিৰ এই সৌন্দৰ্য দেখি ৰৈ নাথাকিল এগৰাকী ৰে'ল বিভাগৰ কৰ্মচাৰী। আনন্দতে তেওঁ তোলা এখন ফটো সামাজিক মাধ্যমত ইয়াৰ ৰূপ বৰ্ণনা কৰি শ্বেয়াৰ কৰে ।

Also Read: অনন্য অষ্ট্ৰেলিয়া সংসদ ভৱন

indian railways