আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস : ৫৮০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। প্ৰতিবছৰে ১১ মে'ৰ দিনাখন দেশৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সাফল্যৰ বাবে দেশজুৰি পালন কৰা হয় এই দিৱস।
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীৰ সভাপতিত্বত দেশৰ ৰাজধানী দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে আন আন বিষয়-ববীয়াসকল উপস্থিত থাকে।
প্ৰধানমন্ত্ৰী মোডীয়ে ৫৮০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতিৰ বাবে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে ১৯৯৮ চনৰ ১১ মে'ত অনুষ্ঠিত হৈছিল পোখৰণ-২ৰ পাৰমাণৱিক পৰীক্ষা।
এই পাৰমাণৱিক পৰীক্ষাৰ সফল্যৰ বাবেই উক্ত দিনটোক তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে ঘোষণা কৰিছিল।