ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে মোডীৰ উপহাৰঃ ৫৮০০ কোটি টকাৰ প্ৰকল্প কৰিব উদ্বোধন

Modi Prime Minister
Modi Prime Minister

ডিজিটেল ডেস্কঃ ১১ মে'ত দেশজুৰি পালন কৰা হ'ব ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩। সেই উপলক্ষে কাইলৈ দিল্লীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

দেশৰ বৈজ্ঞানিক- প্ৰযুক্তিগত উন্নতিৰ সৈতে সম্পৰ্কিত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰায় ৫৮০০ কোটি টকাৰ প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰিব মোডীয়ে।

যিবোৰ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ব তাৰ ভিতৰত আছে লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল-ৱেভ অবজাৰ্ভেটৰী-ইণ্ডিয়া (লিগো-ইণ্ডিয়া), হিঙ্গোলি; হোমি ভাভা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, জাটনি, উৰিষ্যা; আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল হস্পিটেলৰ প্লেটিনাম জয়ন্তী খণ্ড।

১৯৯৮ চনৰ মে' মাহত বৈজ্ঞানিক সকলে পোখৰণ পৰীক্ষাত সফলতা লাভ কৰিছিল। তাৰপাছতে ১৯৯৯ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উদযাপন আৰম্ভ কৰিছিল । তেতিয়াৰ পৰাই ১১ মে' ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়।

Modi Prime Minister
মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in