/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2496d0e5-6d95-4e1d-b2af-42e235a2bc30/ap_for_web_reader_s_day.jpg)
ডিজিটেল ডেস্ক : আজি ৰাষ্ট্ৰীয় পঢ়ুৱৈ দিৱস। পিএন পানিকাৰ নামেৰে জনাজাত পুথুভাইল নাৰায়ণ পানিকাৰক সন্মান জনোৱাৰ অৰ্থে ভাৰতত ১৯ জুনত ৰাষ্ট্ৰীয় পঢ়া (পঢ়ুৱৈ) দিৱস উদযাপন কৰা হয়। ১৯৯৫ চনৰ ১৯ জুন তাৰিখৰ দিনটোত দেহাৱসান হোৱা পানিকাৰৰ মৃত্যু তিথিত প্ৰথমে কেৰেলা চৰকাৰে পালন কৰিছিল এই দিৱসটি।
এজন প্ৰখ্যাত শিক্ষক তথা কেৰালাৰ পুথিভঁৰাল আন্দোলনৰ জনক হিচাপে সন্মানিত আছিল পুথুভাইল নাৰায়ণ পানিকাৰ। পঢ়া সংস্কৃতিৰ প্ৰচাৰ তথা সাক্ষৰতাৰ হাৰ বৃদ্ধি ও সাক্ষৰতাক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এই বৰ্ষৰ বিষয়বস্তু হৈছে "থলুৱা ভাষা।"
দেশৰ স্থানীয় ভাষাৰ ওপৰত কেন্দ্ৰীভূত কৰি এইবাৰ এই দিৱসটিৰ বাবে এসপ্তাহ "পঢ়াৰ সপ্তাহ" আৰু এমাহ ধৰি "পঢ়াৰ মাহ" হিচাপে পালন কৰা হ'ব। সেয়েহে আজিৰ পৰা অহা ১৮ জুলাই পৰ্যন্ত পালন কৰা হ'ব এই দিৱস।
Also Read: বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...