বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...

বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...
বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...

ডিজিটেল ডেস্কঃ বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই এহাল দম্পত্তিক আক্ৰমণ বিজেপিৰ গুণ্ডাবাহিনীৰ ! জে পি নড্ডাৰ সভালৈ নোযোৱাত খৰ্গহস্ত বিজেপি কৰ্মীৰ গুণ্ডাগিৰিক স্তম্ভিত জনতা। কাষ চাপিছে আৰক্ষীৰ।

২০২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে এতিয়াৰে পৰা আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। সমষ্টিয়ে সমষ্টিয়ে ৰণকৌশল প্ৰস্তুত কৰি মানুহৰ মাজত সোমাই পৰিছে দলীয় কৰ্মী।

তাৰ মাজতে যোৰহাটত এক জনসভা সম্বোধন কৰিবলৈ আহিছিল দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। অৱশ্যে আশা কৰা ধৰণে এই সভাখনত জন সমাগম নহ'ল।

দৃষ্টিকটু ভাৱে খালী হৈ থাকিল মঞ্চৰ সন্মুখৰ আসন। অৱশ্যে খালী আসনৰ সন্মুখতে ভাষণ আগবঢ়াই গ'ল বিজিপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। বিজেপিৰ এই সভাখনত জনসমাগম নোহোৱাৰ বাবেই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে একাংশ বিজেপি নেতাই।

মুখলজ্জা নিবাৰণৰ বাবে সাধাৰণ লোকৰ ওপৰত আৰম্ভ কৰিছে অত্যাচাৰ ! অভিযোগ অনুসৰি বিজেপিৰ এই সভালৈ নহাৰ বাবেই শিৱসাগৰৰ চাৰিঙৰ এহাল দম্পত্তিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে একাংশ বিজেপি কৰ্মীয়ে।

অংশুমান বৰা নামৰ এজন বিজেপি কৰ্মীয়ে গৌৰীসাগৰৰ চাৰিঙৰ এই দম্পত্তিহালক আক্ৰমণ কৰাৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে। ভুক্তভোগী টমাচ চাংমাই আৰু পূৰ্ণিমা চাংমাইৰ অভিযোগ অনুসৰি যোৰহাটত অনুষ্ঠিত জে পি নড্ডাৰ সভালৈ তেওঁলোক নোযাৱৰ বাবেই এইদৰে আক্ৰমণ কৰা হ'ল।

পূৰ্ণিমা চাংমায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁ ধাবাত কাম কৰি ঘূৰি অহাৰ পাছতে ঘৰত কোনো নথকাৰ অৱস্থাতে অংশুমান বৰাই আহি তেওঁক কাঠেৰে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে তেওঁৰ কাপোৰ পৰ্যন্ত ফালি পেলাইছে। ইাৰোপৰি তেওঁক পেলাই লৈ মূৰ, পিঠি, পেট আদিত ভৰিৰে প্ৰহাৰ কৰিছে।

ইফালে টমাচ চাংমায়ে কয়, ''বিজেপিৰ মিটিঙলৈ যাবলৈ কৈছিল। আমি যাব নোৱাৰো। দিন হাজিৰা কৰা মানুহ। ধাবাত কাম কৰে। তেওঁ নিজেও দিনত হাজিৰা কাম কৰো। মিটিঙলৈ গলে হাজিৰা নপৰে। খাবলৈ নুজুৰে।

ইয়াৰোপৰি তেওঁ কয়, ধাবাৰ পৰা তেওঁৰ পত্নী আহি গধূলি আহি পোৱাৰ পাছতে অংশুমান বৰাই টমাচ আছে নে নাই বুলি প্ৰশ্ন কৰে আৰু তেওঁৰ পত্নীয়ে নাই বুলি কোৱাত লেবেল দেখাইছ নেকি বুলি প্ৰশ্ন কৰি মিটিঙলৈ যাব নোৱাৰ বাচন ধুবলৈ যাব পাৰ বুলি কৈয়ে আক্ৰমণ কৰে।

ইফালে সেই সময়তে কামৰ পৰা বাহিৰে বাহিৰে বজাৰ কৰি আহি সেই স্থানত টমাচ চাংমাই উপস্থিত হোৱাত গুণ্ডামিৰ আশ্ৰয় লোৱা বিজেপি নেতাই তেওঁকো বেয়াকৈ প্ৰহাৰ কৰে। মুখ আৰু মূৰত প্ৰহাৰ কৰাৰ ফলত ৰাজপথতে বাগৰি পৰে টমাচ চাংমাই। ইয়াৰ পাছতে চিঙৰ-বাখৰ হোৱাত স্থানীয় ৰাইজ ওলাই অহাত পলায়ন কৰে এই বিজেপি নেতাজনে।

বিজেপি নেতা অংশুমান বৰাৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে পূৰ্ণিমা চাংমাই। ইতিমধ্যে ঘটনাৰ সবিশেষ বিৱৰি আৰক্ষীৰ কাষ চাপিছে এই ভুক্তভোগী দম্পত্তিহাল। এই ঘটনাই সমগ্ৰ শিৱসাগৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিজেপিৰ সভালৈ নোযোৱা দিন হাজিৰা কৰা দম্পত্তিক বগৰাই বগৰাই প্ৰহাৰ বিজেপি নেতাৰ...
এটা ভয়াৱহ ভিডিঅ' আৰু মণিপুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in