মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপঃ কাৰ্যালয়ত স্থাপন কৰিলে মুকলি পুথিভঁৰাল...

মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপঃ কাৰ্যালয়ত স্থাপন কৰিলে মুকলি পুথিভঁৰাল...
মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপঃ কাৰ্যালয়ত স্থাপন কৰিলে মুকলি পুথিভঁৰাল...

ডিজিটেল সংবাদ ছয়দুৱাৰ: চৰকাৰী কামৰ সীমাহীন ব্যস্ততাৰ মাজত সময় উলিয়াই কাৰ্য্যলয়ৰ চৌপাশত কিতাপ পঢ়াৰ এক পৰিৱেশ তৈয়াৰ কৰি গ্ৰন্থ প্ৰেমী ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই।

গহপুৰৰ প্ৰশাসন ব্যৱস্থাক অধিক গতিশীল আৰু জনমুখী কৰি তুলি আবেদনকাৰী ৰাইজৰ সমস্যাসমূহক খৰতকীয়া সমাধান কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই শেহতীয়াভাবে কাৰ্য্যলয়টোৰ সন্মুখৰ বাৰাণ্ডাত পৃথকে পৃথকে দুটা মুকলি পুথিভঁৰালৰ কক্ষ স্থাপন কৰি কাৰ্য্যলয়টোৰ চৌপাশত গ্ৰন্থৰ সুৱাস বিলোৱাৰ দৰে এক মহান কাৰ্য্য ৰূপায়ন কৰিছে।

আজি মহকুমাধিপতি লুকুমণি বৰাই নিৰ্বাচনী বিষয়া পূজা পুনম গগৈ, সহকাৰী আয়ুক্ত পৱন উপাধ্যায়, চয়নিকা হাজৰিকাৰ লগতে গহপুৰ মহকুমাধিপতি কাৰ্য্যলয়ৰসমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত নিজ হাতে উক্ত মুকলি পুথিভঁৰালৰ কক্ষ দুটা ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে।

মাহেকীয়া আলোচনীকে ধৰি বিভিন্ন প্ৰতিষ্ঠিত লেখকৰ কিতাপ সংৰক্ষণ কৰি ৰখাৰ প্ৰয়াস কৰা এই মুকলি পুথিভঁৰালৰ পৰা কাৰ্য্যলয়টোলৈ অহা ৰাইজে কিতাপ লৈ অধ্যয়ন কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি মহকুমাধিপতি লুকুমণি বৰাই কয় যে, কিতাপ পঢ়াৰ অভ্যাস আৰু কিতাপ পঢ়াৰ মানসিকতাই মানুহৰ মন প্ৰফুল্লিত কৰি তোলে।

বৌদ্ধিক চিন্তা-চেতনা জাগ্ৰত কৰি ৰখাৰ প্ৰধান মাধ্যম হিচাপে পৰিচিত গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহৰ মন-মগজু সংস্কাৰ হয় বুলিও উল্লেখ কৰি মহকুমাধিপতি লুকুমণি বৰাই কাৰ্য্যলয়টোত নতুনকৈ স্থাপন কৰা মুকলি পুথিভঁৰাল দুটা দীৰ্ঘস্থায়ী হ'বলৈ সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে।

তদুপৰি সদাশয় আগ্ৰহী ব্যক্তিয়ে উক্ত পুথিভঁৰাললৈ কিতাপ আগবঢ়াব পাৰিব বুলিও উল্লেখ কৰে মহকুমাধিপতি লুকুমণি বৰাই।

মহকুমাধিপতি লুকুমণি বৰাৰ প্ৰশংসনীয় পদক্ষেপঃ কাৰ্যালয়ত স্থাপন কৰিলে মুকলি পুথিভঁৰাল...
নূন্যতম সমৰ্থন মূল্যৰে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in