নৰেন্দ্ৰ সিং তোমাৰে এৰিলে কৃষিমন্ত্ৰী পদ, ৰাষ্ট্ৰপতিৰ মঞ্জুৰী প্ৰদান পদত্যাগ পত্ৰত

নৰেন্দ্ৰ সিং তোমাৰে এৰিলে কৃষিমন্ত্ৰী পদ, ৰাষ্ট্ৰপতিৰ মঞ্জুৰী প্ৰদান পদত্যাগ পত্ৰত

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ নিৰ্বাচনত জয়ী হোৱাৰ পাছতে কৃষি মন্ত্ৰী পদ এৰিলে নৰেন্দ্ৰ সিং তোমাৰে। ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে গ্ৰহণ কৰিছে তেওঁৰ পদত্যাগ পত্ৰ। আনহাতে কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাই চম্ভালিব কৃষি মন্ত্ৰীৰ পদ।

অৰ্জুন মুণ্ডাৰ হাতত বৰ্তমান থকা দপ্তৰৰ উপৰিও কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ'ব।

ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেল, ৰেণুকা সিঙে তেওঁলোকৰ মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰিছে। এই আটাই কেইগৰাকীৰ পদত্যাগ পত্ৰ মঞ্জুৰি প্ৰদান কৰিছে ৰাষ্ট্ৰপতিয়ে। এওঁলোকৰ সলনি অৰ্জুন মুণ্ডা, শোভা কাৰান্দলাজে, ৰাজীৱ চন্দ্ৰশেখৰ আৰু ভাৰতী পাৱাৰে মন্ত্ৰালয়সমূহৰ দায়িত্ব ল'ব।

উল্লেখ্য যে, শেহতীয়া নিৰ্বাচনত মধ্যপ্ৰদেশত বিজেপি জয়ী হৈছিল। এতিয়া দলটোয়ে নতুনকৈ শাসন কৰিবলৈ সাজু। এই নিৰ্বাচনত ৩ গৰাকী মন্ত্ৰীয়ে জয়ী হৈছিল আৰু এতিয়া দলে তেওঁলোকক দিব নতুন দায়িত্ব। নিয়ম অনুসৰি তেওঁলোকে মন্ত্ৰীপদ ত্যাগ কৰিব লগা হৈছিল।

সংবিধানৰ ১০১ নং অনুচ্ছেদৰ অধীনত ১৯৫০ চনত ৰাষ্ট্ৰপতিয়ে জাৰি কৰিছিল 'একেলগে দুটা সদনৰ সদস্যপদ নিষিদ্ধ'। বিধানসভা নিৰ্বাচনত জয়ী হোৱা সাংসদ বা মন্ত্ৰীসকলৰ ওচৰত পদত্যাগ কৰিবলৈ ১৪ দিন সময় থাকে ।যদি পদত্যাগ নকৰে তেন্তে সদস্যপদ স্বয়ংক্ৰিয়ভাৱে ভংগ কৰা হয়। ইয়াৰোপৰি আৰু কেইবাগৰাকী সাংসদে তেওঁলোকৰ পদৰ পৰা পদত্যাগ কৰিছে।

নৰেন্দ্ৰ সিং তোমাৰে এৰিলে কৃষিমন্ত্ৰী পদ, ৰাষ্ট্ৰপতিৰ মঞ্জুৰী প্ৰদান পদত্যাগ পত্ৰত
১০ বছৰৰ অন্তত ন্যায়ঃ ৮ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিলাসীপাৰা মহকুমা আদালতৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in