/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/241678db-d0e6-4da5-9e75-b8a7e6a6ca1d/dddfsdf.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ বৃহস্পতিবাৰে ধুবুৰীৰ বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে ঐতিহাসিক ৰায়দান কৰে। সুদীৰ্ঘ ১০ বছৰ অন্তত ৮ গৰাকী অভিযুক্তক যাৱজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰে । এই ঐতিহাসিক ৰায়দান বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া বিচাৰপীঠে প্ৰদান কৰে।
উল্লেখ্য যে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত মাছপাৰাৰ টুলুপাৰা গাঁৱত ২০১৩ চনৰ ১৯ জুনত আব্দুল হামিদ নামৰ এজন ব্যক্তিজন চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আহত লোকজনক তৎক্ষণাৎ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অবনতি হোৱাত তেওঁক গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত লৈ যোৱা হৈছিল।
উক্ত চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাত কিছুদিনৰ পাছত তেওঁৰ মৃত্যু হৈছিল। হত্যাৰ বলি হোৱা আব্দুল হামিদৰ ভাতৃ আব্দুল বাতেন আলী বিলাসীপাৰা থানাত গোচৰ ৰুজু কৰিছিল।
সেই মতে আজি বিলাসীপাৰা আৰক্ষী থানাৰ গোচৰ নম্বৰ ৫৫৮/১৩ আৰু বিলাসীপাৰা মহকুমা আদালতত ৭৪/১৫ পঞ্জীভুক্ত সত্ৰ গোচৰৰ আজি জিলা সত্ৰ ন্যায়াধীশে চূড়ান্ত ৰায় প্ৰদান কৰে।হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত যথাক্ৰমে নৰুল হক,ৰহিমুল হক,আক্তাৰ আলী,আতোৱাৰ ৰহমান,আজাদ আলী, মতিয়াৰ ৰহমান, ৰমজান আলী, আবুল হুছেইনক লৈ মুঠ ৮ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা তপন কুমাৰ ভট্টাচাৰ্যই।।আটাইকেই জনৰ ঘৰ বিলাসীপাৰাৰ মাছপাৰাত। বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ মুকুল চেতিয়া বিচাৰপীঠে প্ৰদান কৰা এই ঐতিহাসিক ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰে দুৰ্ভগয়ীয়া পৰিয়ালটোৰ লগতে বিলাসীপাৰাবাসী ৰাইজে।
Also Read: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা