'আমাৰ শক্তি অনন্ত, সম্ভাৱনাও অপাৰ'- নৰেন্দ্ৰ মোডী...

শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোডীৰ
'আমাৰ শক্তি অনন্ত, সম্ভাৱনাও অপাৰ'- নৰেন্দ্ৰ মোডী...

ডিজিটেল ডেস্কঃ কেন্দ্ৰত শাসনাধিস্ত বিজেপি চৰকাৰে বিদেশৰ বিভিন্ন স্থানত থকা ভাৰতৰ প্ৰাচীন মূৰ্তিসমূহ স্বদেশলৈ ঘূৰাই আনিবলৈ লৈছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক অনুষ্ঠানত কয়, সময়ৰ পৰিক্ৰমা সলনি হৈছে। ভাৰতে প্ৰাচীন মূৰ্তিসমূহ বিদেশৰ পৰা ঘূৰাই আনিছে। ইয়াৰোপৰি অভিলেখসংখ্যক বিদেশী বিনিয়োগো লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ সম্ভালত শ্ৰী কল্কি ধাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশত যিদৰে এফালে তীৰ্থস্থানসমূহ উন্নত কৰা হৈছে সেইদৰেই চহৰসমূহত আধুনিক আন্তঃগাঁথনিৰ সৃষ্টি কৰা হৈছে। আজি যদি মন্দিৰ নিৰ্মাণ কৰা হৈছে, ঠিক সেইদৰে সমগ্ৰ দেশতে নতুন চিকিৎসা মহাবিদ্যালয়ো নিৰ্মাণ কৰা হৈছে। আজি আমাৰ প্ৰাচীন মূৰ্তিবোৰো বিদেশৰ পৰা ঘূৰাই অনা হৈছে, আৰু অভিলেখ সংখ্যক বিদেশী বিনিয়োগো আহিছে। এনে পৰিৱৰ্তনে প্ৰমাণ কৰে সময়ৰ পৰিক্ৰমা সলনি হৈছে। এক নতুন যুগে আজি আমাৰ দুৱাৰত টোকৰ মাৰিছে। এই পৰিৱৰ্তিত সময়ক আমি দুহাত মেলি স্বাগতম জনাইছো।

তেওঁ দেশৰ সংস্কৃতি প্ৰতি মুহূৰ্ততে জীয়াই ৰখাৰ কথা উল্লেখ কৰি কয়, যোৱা মাহত দেশে অযোধ্যাত ৫০০ বছৰ ধৰি চলি থকা অপেক্ষা সম্পূৰ্ণ হোৱাৰ সাক্ষী হৈছিল। সেই অতিপ্ৰাকৃতিক অভিজ্ঞতা, ৰামলালা বহি থকাৰ সেই ঐশ্বৰিক অনুভূতিয়ে এতিয়াও আমাক আৱেগিক কৰি তোলে। ইফালে, আমি আৰৱ ভূমিত দেশৰ পৰা কেইবাশ কিলোমিটাৰ দূৰত আবু ধাবিত প্ৰথমটো বিৰাট মন্দিৰৰ উদ্বোধনো প্ৰত্যক্ষ কৰিছো।

তেওঁ কয়, আজি আমি দেশত যি সাংস্কৃতিক পুনৰুত্থান দেখিছো, আমাৰ পৰিচয়ৰ গৌৰৱ আৰু ইয়াৰ প্ৰতিষ্ঠানত আমি যি আত্মবিশ্বাস দেখিছো, সেই অনুপ্ৰেৰণা আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা লাভ কৰিছো। আজি প্ৰথমবাৰৰ বাবে ভাৰত এনে এক পৰ্যায়ত আছে য'ত আমি অনুসৰণ কৰা নাই, আমি এক উদাহৰণ স্থাপন কৰিছো। আজি প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সম্ভাৱনাৰ কেন্দ্ৰ হিচাপে দেখা গৈছে। আমাক উদ্ভাৱন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

তেওঁ পুনৰ কয়, আজি আমাৰ শক্তি অনন্ত আৰু আমাৰ বাবে সম্ভাৱনাও অপাৰ। প্ৰথমবাৰৰ বাবে ভাৰতৰ নাগৰিক, তেওঁ বিশ্বৰ যি দেশতে নাথাকক কিয় নিজকে ভাৰতীয় বুলি কৈ গৌৰৱাম্বিত অনুভৱ কৰে। দেশত যোগাত্মক চিন্তা আৰু আত্মবিশ্বাসৰ এই জোৱাৰ অদ্ভুত। সেয়ে আমাৰ শক্তিও অনন্ত, আমাৰ বাবে সম্ভাৱনাও অপাৰ।

উত্তৰ প্ৰদেশৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কল্কি ধাম মন্দিৰৰ আচাৰ্য প্ৰমোদ কৃষ্ণম।

'আমাৰ শক্তি অনন্ত, সম্ভাৱনাও অপাৰ'- নৰেন্দ্ৰ মোডী...
উখল মাখল বসুন্ধৰী পাহাৰঃ আৰম্ভ ভৈমী একাদশী মেলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in