Advertisment

উখল মাখল বসুন্ধৰী পাহাৰঃ আৰম্ভ ভৈমী একাদশী মেলা...

তিনিদিনীয়াকৈ অনুষ্ঠিত এই মেলা

author-image
Asomiya Pratidin
New Update
উখল মাখল বসুন্ধৰী পাহাৰঃ  আৰম্ভ ভৈমী একাদশী মেলা...

উখল মাখল বসুন্ধৰী পাহাৰঃ আৰম্ভ ভৈমী একাদশী মেলা...

ডিজিটেল সংবাদ ৰহাঃ নিৰ্জনতা ভাঙি উখল-মাখল পৰিৱেশ তথা আধ্যাত্মিক কোলাহলে বিৰাজ কৰিছে ৰহাৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰহাৰ এই মহিমামণ্ডিত মা বসুন্ধৰী থানৰ ঐতিহাসিক ভৈমী একাদশী মেলা মহোৎসৱ।

Advertisment

এই ঐতিহ্যমণ্ডিত মেলাক মহোৎসৱক লৈ সমগ্ৰ অঞ্চলজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। তিনিদিনীয়া আয়োজিত এই ‌ভৈমী একাদশী মেলা মহোৎসৱত প্ৰথম দিনাই মা বসুন্ধৰী থানলৈ শ শ ভক্তৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে।

ৰহাৰ গছপৰা বসুন্ধৰী পাহাৰৰ নিৰ্জনতা ভাঙি এক আধ্যাত্মিক কোলাহলে মুখৰিত কৰি তুলিছে মা বসুন্ধৰী থান। সোমবাৰে পুৱা ৭ বজাত স্থানীয় আয়তীসকলৰ দ্বাৰা মা থানৰ বাবে পানী তোলা ও স্নান তৰ্পনেৰে আৰম্ভ হয় ঐতিহ্যপূৰ্ণ মা বসুন্ধৰী থানৰ এই ভৈমী একাদশী মেলা মহোৎসৱৰ।

ইয়াৰ পিছতে ধৰ্মধ্বজ্জা উত্তোলন আৰু যথা বিহিত পূজা-অৰ্চনা আৰম্ভ হয়। ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মূল ভেমী একাদশী মেলা। লোকবিশ্বাস অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ একাদশীত বসুন্ধৰা অৰ্থাৎ পৃথিৱীয়ে একাদশী ব্ৰত পালন কৰিছিল।

এই পূণ্য তিথিত মা বসুন্ধৰী থান দৰ্শন কৰিলে মনোকামনা পূৰণ হয় বুলি আজিও লোকবিশ্বাস অটুত আছে। তাৰ ফলশ্ৰতিতে এই পূণ্য তিথিত হাতে হাতে পূজাৰ অঘ্য লৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মা বসুন্ধৰী থানলৈ। যুগ যুগ ধৰি প্ৰতি বছৰে ঐতিহ্যমণ্ডিত বসুন্ধৰী থানত অনুষ্ঠিত হোৱা এই ভৈমী একাদশী মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে।

Also Read: কলিয়াবৰত 'নামবৰ'ত খুন্দা মাৰিলে বিলাসী বাহনে...

ৰহা