ভ্ৰষ্টাচাৰ,পৰিবাৰবাদ ৰাজনীতিৰ পৰা দেশক মুক্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

দলৰ কাৰ্যকৰ্তা সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধীক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
ভ্ৰষ্টাচাৰ,পৰিবাৰবাদ ৰাজনীতিৰ পৰা দেশক মুক্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশজুৰি বিজেপিয়ে পালন কৰিছে সংস্থাপনা দিৱস। দলৰ কাৰ্যকৰ্তা সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধীক উদ্দেশ্য কৰি কটাক্ষ মূলক মন্তব্য কৰে।

Advertisment

কংগ্ৰছকে ধৰি অন্য বিৰোধী দল সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ ৰাজনৈতিক সংস্কৃতি পৰিবাৰিক, জাতিবাদ আৰু আঞ্চলিকতাবাদ আনহাতে বিজেপিৰ ৰাজনৈতি সংস্কৃতি হৈছে প্ৰতিগৰাকী দেশবাসীক একেলগে লৈ আগবঢ়া।

মোডীয়ে দেশক ভ্ৰষ্টাচাৰ,পৰিবাৰবাদ আদি ৰাজনীতিৰ পৰা দেশক মুক্ত কৰিবলৈ আহ্বান জনায়। ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি অভিহিত কৰি মোডীয়ে কয় যে আৰম্ভণিৰে পৰা জনসাধাৰণৰ বিবেকৰ ওপৰত বিজেপিৰ বিশ্বাস শক্তিশালী হৈ আছে।

তেওঁ কয়, "বিজেপিৰ জন্ম গণতন্ত্ৰৰ গৰ্ভৰ পৰা হৈছিল, বিজেপি গণতন্ত্ৰৰ অমৃতৰ দ্বাৰা পুষ্ট আৰু বিজেপিয়ে দেশৰ গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী কৰাৰ লগতে নিষ্ঠাৰে দেশৰ বাবে দিন-ৰাতি কাম কৰি আছে।"

বিৰোধী দল সমূহে সামাজিক ন্যায়ৰ নামত কেৱল ৰাজনীতি কৰা বুলি উল্লেখ কৰি মোডীয়ে কয় যে, "তেওঁলোকে সমাজৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাছিল, আনহাতে বিজেপিয়ে সামাজিক ন্যায় পালন কৰি ইয়াক আখৰে আখৰে অনুসৰণ কৰি গৈছে। ইয়াৰ লগতে তেওঁ দেশৰ জনতাৰ বাবে জাৰি কৰা বিভিন্ন বিনামূলীয়া আঁচনিৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে, দলটোৱে সংস্থাপনা দিৱসৰ পৰা বাবা চাহেব বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী(১৪ এপ্ৰিল)লৈ বিশেষ সপ্তাহ পালন কৰাৰ পৰিকল্পনা কৰিছে।

Also Read: গোচৰ মীমাংসাৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক সুৰুয উল হক

narendra modi bjp