গোচৰ মীমাংসাৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক সুৰুয উল হক

চাকৰিৰ পৰা অৱসৰ ল'বলৈ মাজত মাথো একমাহ সময় থকা অৱস্থাত নগাঁৱত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন আৰক্ষী বিষয়া।

author-image
Asomiya Pratidin
New Update
গোচৰ মীমাংসাৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক সুৰুয উল হক

ডিজিটেল সংবাদ,নগাঁও :চাকৰিৰ পৰা অৱসৰ ল'বলৈ মাজত মাথো একমাহ সময় থকা অৱস্থাত নগাঁৱত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন আৰক্ষী বিষয়া। নগাঁও সদৰ আৰক্ষী থানাত উপ-পৰিদৰ্শক ৰূপে কৰ্মৰত সুৰুয উল হক নামৰ এগৰাকী আৰক্ষী বিষয়াক ১৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰকৰ দলে।

Advertisment

এটি গোচৰৰ মীমাংসাৰ নামত আৰক্ষী বিষয়া গৰাকীয়ে ১৫হাজাৰ টকা উৎকোচ বিচাৰিছিল। উৎকোচৰ ধন নগাঁও আৰক্ষী ছাউনীত থকা চৰকাৰী আবাসত আদায় দিয়াৰ বাবেও নিৰ্দেশ দিছিল সুৰুয উল হকে। ইয়াৰ পিছতে অভিযোগকাৰী পক্ষই দুৰ্নীতি নিবাৰকক এই বিষয়ে অভিযোগ প্ৰদান কৰে।

বুধবাৰে নিশা প্ৰায় ১০ বজাত নগাঁও আৰক্ষী ছাউনীৰ চৰকাৰী আবাসত ধন আদায় লওতেই হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰকৰ দলে। ইতিমধ্যে আৰক্ষী উপ-পৰিদৰ্শক সুৰুজ উল হকক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গুৱাহাটীলৈ নিয়ে ।

Also Read: পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! হানি-খুচি মহিলাই হত্যা কৰিলে স্বামীক...

Assam police