কটহগুৰি সমবায় সমিতিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি...

কটহগুৰি সমবায় সমিতিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি...
কটহগুৰি সমবায় সমিতিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি...

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ কটহগুৰি সমবায় সমিতি লিমিটেডৰ হ'বলগীয়া নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিলৰ দিন। সমবায় সমিতি লিমিটেডৰ আজি মনোনয়ন পত্ৰ দাখিলৰ দিনটোতে সমিতিৰ অংশীদাৰ ৰাইজে বৰ্তমানৰ সভাপতি শ্বহীদুল ইছলামৰ এই সমগ্ৰ দুৰ্নীতি সন্দৰ্ভত সমিতিৰ অংশীদাৰ ৰাইজে কটহগুৰি সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনী বিষয়াক শ্বহীদুল ইছলামৰ মনোনয়ন পত্ৰ নাকচ কৰিবৰ বাবে আবেদন কৰাক লৈ পৰিবেশ উত্তাল হৈ পৰে।

কটহগুৰি সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনী বিষয়াক সমিতিৰ অংশীদাৰ ৰাইজে লিখিত অভিযোগ তুলি শ্বহীদুল ইছলামৰ মনোনয়ন পত্ৰ নাকচ কৰিবৰ বাবে আবেদন কৰে। সমিতিৰ বৰ্তমানৰ সভাপতি গৰাকীয়ে পুনৰ গাদী দখলৰ বাবে ব্যপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

সমিতিখনৰ অংশীদাৰী ৰাইজৰ অভিযোগ মতে, বৰ্তমানৰ সভাপতি শ্বহীদুল ইছলামৰ পত্নী বিবি হাৱাৰ নামত কটহগুৰি সমবায় সমিতি লিমিটেডৰ অধীনস্থ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে। কিন্তু সমবায় আইন ২০০৭(সংশোধনীৰ ২০১২)ৰ ৩৭ নং ধাৰাৰ উপধাৰা 'গ' অনুসৰি সমবায় নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰাৰ্থীৰ পৰিয়ালৰ কোনো ব্যক্তি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমবায়ৰ লাভজনক ব্যৱসায়ত জড়িত হৈ থাকিব নোৱাৰে। তেনে ক্ষেত্ৰত নিজৰ পত্নীৰ নামত সুলভ মূল্যৰ দোকানত খুলি ৰমৰমীয়া ব্যবসায় কৰা শ্বহীদুল ইছলামে কেনেকৈ পুনৰ সমবায় নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰে।

এই সন্দৰ্ভত ৰাজহুৱা অভিযোগ তুলিছে। ইফালে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কটহগুৰী সমবায় সমিতিত ক্ৰমাগত ভাৱে দুবাৰকৈ সভাপতিৰ আসন দখল কৰা শ্বহীদুল ইছলামে কটহগুৰি সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনৰ ২০২১-২২ সমজুৱা ভোটাৰ তালিকাৰ পৰা ষড়যন্ত্ৰমূলক ভাবে বহু অংশীদাৰ ৰাইজৰ নাম কৰ্তন কৰিছে বুলি অভিযোগ। বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ ভৰত চন্দ্ৰ শইকীয়া নামৰ একমাত্ৰ অনুসুচিত জাতিৰ সংৰক্ষিত আসনৰ অংশীদাৰ গৰাকীক চক্ৰান্তৰে বৰ্তমান ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে।

উল্লেখ্য যে, ভৰত চন্দ্ৰ শইকীয়া বিগত ১৫ বছৰ ধৰি সমবায় সমিতিত খনৰ সদস্য হৈ আছিল। আনহাতে বৰ্তমানৰ সভাপতি শ্বহীদুল ইছলামে স্বজন তোষণেৰে সমবায় সমিতি অনিয়ম সংঘটিত কৰিবৰ বাবে নিজৰ খুলশালী গৰাকীক সম্পাদক হিচাপে নিয়োগ কৰি অনিয়ম সংঘটিত কৰাৰো অভিযোগ তুলিলে। বৰ্তমানৰ সভাপতি শ্বহীদুল ইছলামৰ এই সমগ্ৰ দুৰ্নীতি সন্দৰ্ভত সমিতিৰ অংশীদাৰ ৰাইজে কটহগুৰি সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ তুলি শ্বহীদুল ইছলামৰ মনোনয়ন পত্ৰ নাকচ কৰিবৰ বাবে আবেদন কৰে।

ইফালে টুকটুকী জিলা পৰিষদৰ সদস্য গোলাম ৰাব্বানী, টুকটুকী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হক, কটহগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্বিৰিনা বেগম, সচেতন নাগৰিক মঞ্চৰ সভাপতি আবুল হুছেইন মিৰাডা, সম্পাদক ড০ এম জেদ চৌধুৰী, ধনীয়াভেটী গাঁও পঞ্চায়ৰ সভানেত্ৰী চুলেমা বেগমকে আদি কৰি অঞ্চলটোৰ ৰাইজেও নগাঁও জিলাৰ উপায়ুক্ত, নগাঁও জিলাৰ সমবায় সমিতি সমূহৰ পঞ্জীয়কক লিখিত অভিযোগ দাখিল কৰিছে।

কটহগুৰি সমবায় সমিতিত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি...
অসমৰ ৫০ খনতকৈ অধিক চাহ বাগানক সাহায্য প্ৰদান চৰকাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in