পৰিৱৰ্তনৰ নমুনাঃ নিৰ্মাণৰ পিছতে বখলা-বখলে এৰিছে কোটিটকীয়া পথ

দেৰগাঁৱত কোটিটকীয়া পথ নিৰ্মাণত ব্যাপক কেলেংকাৰী। নিৰ্মাণৰ পাছতেই বখলা-বখলে এৰিছে পকী পথ

author-image
Asomiya Pratidin
New Update
পৰিৱৰ্তনৰ নমুনাঃ নিৰ্মাণৰ পিছতে বখলা-বখলে এৰিছে কোটিটকীয়া পথ

ডিজিটেল সংবাদ, দেৰগাঁওঃ দুৰ্নীতিৰ বিৰুদ্ধে কথাৰ ফুলজাৰী মাৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাই থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগত এটাৰ পিছত আনটো দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে। শেহতীয়াকৈ দেৰগাঁৱৰ কাকডোঙাত গড়কাপ্তানী বিভাগৰ দ্বাৰা নিৰ্মীয়মাণ অৱস্থাত থকা পথটোৰ মেৰামতিত সংঘটিত হৈছে ব্যাপক অনিয়ম।

Advertisment

কাকডোঙাৰ পৰা দেৰগাঁও আৰু গোলাঘাট জিলা সংযোগী ৰাজ্যিক পথ অংশ আৰু গ্রাম্য পথ অংশৰ বাবদ প্ৰায় কোটি টকা আৱণ্টন দিছিল গড়কাপ্তানি বিভাগে। এই পথছোৱাৰ কিছু অংশ ইতিমধ্যেই পকীকৰণ কৰিছিল যদিও নিৰ্মাণৰ ঠিক পিছতেই এৰাই যোৱাত ওলাই পৰিছে কামৰ প্ৰকৃত নমুনা। ঠিকাদাৰে যেনে তেনে পথটি নিৰ্মাণ কৰি আঁচনিৰ ধন তৎপৰতাৰে উলিয়াই নিয়াৰ চেষ্টা চলোৱাৰ সময়তে পথছোৱা ভাঙি যোৱাত জাঙুৰ খাই উঠিছে কাকডোঙাবাসী। ধূলি-বালি আঁতৰাই পথছোৱা কাৰ্পেটিং কৰিব লাগে যদিও দিনে নিশাই কাম কৰি মাটিৰ ওপৰতে পকীকৰণ কৰাৰ অদ্ভূদ ফৰ্মূলা উলিয়াই কামত পাল মৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।

এইক্ষেত্ৰত গড়কাপ্তানি গ্ৰাম্যপথ সংমণ্ডলৰ বিষয়া অভিযন্তা আৰু কৰ্মচাৰীৰ ভূমিকাত ক্ষুণ্ণ হৈছে স্থানীয় ৰাইজ। পকেট গধুৰ কৰাৰ স্বাৰ্থতে অতি গুৰুত্বপূৰ্ণ পথটি নিৰ্মাণত অনিয়ম আৰু দুৰ্নীতি কৰাৰ পিছতো বিভাগীয় বিষয়া-কৰ্মচাৰীযে দেখিও নেদেখা ভাও ধৰাৰ ৰহস্য ৰাইজে বাৰুকৈয়ে বুজিছে। এই সন্দৰ্ভত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে পথছোৱা পুনৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয়। পিছে ইমানৰ পিছতো ঠিকাদাৰৰ গা লৰা নাই ঠিকাদাৰৰ। যাৰ বাবে পথছোৱা একে ধৰণেই নিৰ্মাণ কৰাত পুনৰ সেই সমস্যাই দেখা দিছে। নিৰ্মাণৰ পাছতে বখলা-বখলে পকী পথটো এৰাই যোৱাত স্থানীয় ৰাইজৰ লগতে ৰাইজৰ দলৰ সম্পাদক প্ৰবীন দাসে চৰকাৰী পক্ষৰ এনে নিম্নমানৰ কামক গৰিহনা দি শীঘ্ৰে সঠিক ভাবে পথছোৱা নিৰ্মাণৰ দাবীত কৰিছে।

Also Read: নামৰূপত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু এজনৰ

GOVT OF ASSAM pwd assam