আমাৰ দেশত দান-বৰঙণিৰ গুৰুত্ব আছে, এই মনোভাৱেৰে ভোটদান কৰকঃ মোডী

আমাৰ দেশত দান-বৰঙণিৰ গুৰুত্ব আছে, এই মনোভাৱেৰে ভোটদান কৰকঃ মোডী

author-image
Asomiya Pratidin
New Update
আমাৰ দেশত দান-বৰঙণিৰ গুৰুত্ব আছে, এই মনোভাৱেৰে ভোটদান কৰকঃ মোডী

ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নিশান বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সময়ছোৱাত ভোটগ্ৰহণ কেন্দ্ৰত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত আছিল। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধীনত দেশৰ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩খন আসনত ভোটদান চলি আছে। সৰ্বাধিক সংখ্যক ভোটদান কৰি ভোটদানৰ নতুন অভিলেখ সৃষ্টি কৰিবলৈ তৃতীয় পৰ্যায়ৰ অধীনৰ ভোটগ্ৰহণ আসনৰ ভোটাৰসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰী মোডীয়ে।

Advertisment

ভোটদান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,"আজি তৃতীয় পৰ্যায়ৰ ভোটদান। মই দেশবাসীক আহ্বান জনাম যে গণতন্ত্ৰত ভোটদান কৰাটো সাধাৰণ দান নহয়।" আমাৰ দেশত দান-বৰঙণিৰ গুৰুত্ব আছে, একে মনোভাৱেৰে দেশবাসীয়ে যিমান পাৰে ভোট দিব লাগে।আজি তৃতীয় পৰ্যায়ৰ ভোটদান আৰু চাৰিটা পৰ্যায় বাকী আছে। মই সদায় ইয়াতে ভোট দিওঁ আৰু অমিত ভাই ইয়াৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।গুজৰাটৰ ভোটাৰ সকলৰ লগতে দেশৰ ভোটাৰলৈও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।"

লগতে মোডীয়ে হিন্দী, ইংৰাজী আৰু গুজৰাটীকে ধৰি বিভিন্ন আঞ্চলিক ভাষাত সৰ্বাধিক সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ এক্স (টুইটাৰ)ত পোষ্ট কৰে যে, "তৃতীয় পৰ্যায়ৰ সকলো ভোটাৰকে অনুৰোধ কৰিছো। তেওঁলোকে ভোটদান কৰক।" সৰ্বোচ্চ সংখ্যা লাভ কৰি ভোটদানৰ নতুন অভিলেখ সৃষ্টি কৰিব। আপোনাৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰৰ এই উৎসৱৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিব।

আনহাতে ভোটদান কৰি ওলাই অহা পাছতে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই মোডীক ৰাখী পিন্ধোৱাৰ ইচ্ছা প্ৰকাশ কৰে। লগে লগে মোডীয়েও হাতখন আগবঢ়াই ৰাখী পিন্ধি ৰাইজক উদ্দেশ্যি সেৱা জনায়।

Also Read: এইবেলি সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ জয়ী হবঃ মল্লিকাৰ্জুন খৰ্গে

narendra modi loksabha election 2024 modi vote 2024