/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/12cb2032-cf9b-42ec-8ab3-b765bec4eb2e/mallika.jpg)
প্ৰতীকি চিহ্ন
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ অন্তৰ্গত গুন্দুগুৰ্তি গাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে। কালাবুৰাগী সমষ্টিৰ পৰা কংগ্ৰেছে ৰাধাকৃষ্ণক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে উমেশ জি জাধৱক টিকট প্ৰদান কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cf12971d-a981-46e0-beff-cccd52fd0a13/GM8_sbWXwAA1NML.jpg)
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত খৰ্গে কয় যে,"এইবাৰ ৰাইজে কংগ্ৰেছৰ জয় নিশ্চিত কৰিব।সকলো ব্যৱসায়ী আৰু দুখীয়া ৰাইজে মিলি এইবাৰ কংগ্ৰেছক জয়ী কৰিব। বিগত সময়ত ভুল কৰা বুলি মানুহে আক্ষেপ কৰিছিল সেয়ে এইবেলি বিপুল সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ দলক নিৰ্বাচন কৰিব।"
Also Read: ভগৱানৰূপী বগা ঘোঁৰাৰ কাহিনীৰ যৱনিকা..