দেশৰ বিশ্বাস যে লোকসভা নিৰ্বাচনৰ পৰাই ভৱিষ্যতৰ এক নতুন যাত্ৰা আৰম্ভ হ’বঃ মোডী

নতুন প্ৰজন্মই এতিয়া আত্মসন্মানেই নিজৰ পৰিচয় বুলি বিশ্বাস কৰে- প্ৰধানমন্ত্ৰী
PM Narendra Modi
PM Narendra Modi

ডিজিটেল ডেস্কঃ দেওবাৰে ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে, বিশ্বই সন্মুখীন হোৱা সমস্যাৰ সমাধান হিচাপে ভাৰতে আত্মবিশ্বাস,সত্য আৰু অহিংসাৰ মন্ত্ৰ দাঙি ধৰিছে আৰু সাংস্কৃতিক ভাবমূৰ্তিও ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

অনুষ্ঠানত মোডীয়ে পূৰ্বৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউ পি এ) চৰকাৰখনক কতাক্ষ কৰি কয় যে, ২০১৪ চনত দেশখন হতাশাত ডুবি আছিল কিন্তু বিজেপি ক্ষমতালৈ অহা পাছত ঐতিহ্যৰ লগতে শাৰীৰিক বিকাশৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

লোকসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,গণতন্ত্ৰৰ বৃহৎ উৎসৱ চলি আছে আৰু “দেশখনে বিশ্বাস কৰে যে ভৱিষ্যতৰ এক নতুন যাত্ৰাও ইয়াৰ পৰাই আৰম্ভ হ’ব।”তেওঁৰ চৰকাৰখনে যোগ আৰু আয়ুৰ্বেদৰ দৰে ভাৰতীয় ঐতিহ্যৰ প্ৰচাৰ কৰা কথা উল্লেখ কৰি কয় যে দেশৰ নতুন প্ৰজন্মই এতিয়া আত্মসন্মানেই নিজৰ পৰিচয় বুলি বিশ্বাস কৰে। ইয়াৰোপৰি বিশ্বৰ কেবাটাও সংঘাতৰ সময়ত পূজনীয় আধ্যাত্মিক জৈন গুৰুসকলৰ শিক্ষা আৰু অধিক প্ৰাসংগিক বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে ভাৰত কেৱল আটাইতকৈ পুৰণি জীৱিত সভ্যতাই নহয়,মানৱতাৰ বাবেও এক নিৰাপদ আশ্ৰয়স্থল। প্ৰভু মহাবীৰৰ শান্তি, মমতা আৰু ভাতৃত্ববোধৰ বাৰ্তা সকলোৰে বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

PM Narendra Modi
ঝালাবাড় দুৰ্ঘটনাঃ বিয়া খাবলৈ গৈ ঘৰলৈ উভতিল ৯ টা নিথৰ দেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in