''মোৰ জেকট আৱৰ্জনাৰ দ্বাৰা তৈয়াৰ কৰা হৈছে'' মোডীয়ে ক'লে বিল গেটছক...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নিজ বাসগৃহত মাইক্ৰচফ্টৰ সহ-প্ৰতিষ্ঠাপত বিল গেটছৰ সৈতে এক আলোচনাত মিলিত হয়

author-image
Asomiya Pratidin
New Update
''মোৰ জেকট আৱৰ্জনাৰ দ্বাৰা তৈয়াৰ কৰা হৈছে'' মোডীয়ে ক'লে বিল গেটছক...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে নিজ বাসগৃহত মাইক্ৰচফ্টৰ সহ-প্ৰতিষ্ঠাপত বিল গেটছৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত দুয়ো এআই, জলবায়ু পৰিবৰ্তন, শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

Advertisment

এই আলোচনাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিল গেটছক ভাৰতে কেনেদৰে আৱৰ্জনা পুনৰ ব্যৱহাৰৰ কৰে সেই বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁ পিন্ধি থকা জেকেটটো পুনৰ ব্যৱহাৰ যোগ্য সামগ্ৰীৰে নিৰ্মিত।

প্ৰধানমন্ত্ৰী মোডীয়ে বিল গেটছক কয় যে, এই জেকেটটো দৰ্জীৰ দোকানত ব্যৱহাৰৰ অনুপযোগী ক্লিপিং আৰু প্লাষ্টিকৰ বটলবোৰ পুনৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে।

মোডীয়ে কয় যে, পুনৰ ব্যৱহাৰ কৰাতো আমাৰ সংস্কৃতি। এই জেকেটটো পুনৰ্ব্যৱহাৰ যোগ্য সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে। এইটোয়ে ইয়াৰ বিশেষত্ব। এই জেকেটটোত দৰ্জীৰ দোকানৰ আৱৰ্জনা কাপোৰৰ ক্লিপিং আছে। আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক বনোৱা হৈছে। ইয়াক পুৰণি কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ৩০-৪০ শতাংশ আৱৰ্জনা প্লাষ্টিকৰ বটল লোৱা হৈছে। সকলো আৱৰ্জনাৰ দ্বাৰা এই জেকেটতো বনোৱা হৈছে।

বিল গেটছৰ লগত হোৱা আলোচনাত মোডীয়ে এআইৰ বেয়া ব্য়ৱহাৰৰ ওপৰত চিন্তা ব্যক্ত কৰে। তেওঁ কয়, এআইৰ দৰে শক্তিশালী প্ৰযুক্তিৰ ব্যৱহাৰ বেয়া কামত কৰাতো অতি বিপদজনক। ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায়।

Also Read: অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি 'ইণ্ডিয়া'ই কৰিব বিশাল ৰেলী...

narendra modi bill gates