অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি 'ইণ্ডিয়া'ই কৰিব বিশাল ৰেলী...

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি 'ইণ্ডিয়া'ই কৰিব বিশাল ৰেলী...

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি 'ইণ্ডিয়া'ই কৰিব বিশাল ৰেলী...

অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ ৰেলী কৰাৰ অনুমতি লাভ কৰিলে আম আদমী পাৰ্টীয়ে। ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত ৰেলী কৰিব আপে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ বাবে অনুমতি প্ৰদান কৰিছে।

Advertisment

জানিব পৰা মতে এই ৰেলীত ইণ্ডিয়া এলায়েন্সৰ সকলো দলৰ নেতাই উপস্থিত থাকিব । বিৰোধীৰ বহু বিশিষ্ট নেতা এই ৰেলীত অংশ গ্ৰহণ কৰিব।

সূত্ৰ অনুসৰি জানিব পৰা মতে এই এই জনসভাত কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱ, আৰজেডি নেতা তেজস্বী যাদৱ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ লগতে বিভিন্নজনে অংশ ল'ব। মহাৰাষ্ট্ৰৰ পৰা শাৰদ পাৱাৰ আৰু উদ্ধন থাকৰেও উপস্থিত থাকিব। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে এই ৰেলী হ'ব।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বৰ্তমান ইডিৰ জিম্মাতে আছে কেজৰিৱাল। ১ এপ্ৰিললৈ ইডিৰ জিম্মাত ৰখাৰ অনুমতি দিছিল আদালতে।

Also Read: আয়কৰ বিভাগৰ জাননী: কংগ্ৰেছে ভৰিব লাগিব ১৮২৩ কোটি টকা

aap india congress