নাৰ্কটিক বিভাগৰ বৃহৎ সফলতাঃ প্ৰায় ৫কোটি টকাসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

নাৰ্কটিক বিভাগৰ বৃহৎ সফলতাঃ প্ৰায় ৫কোটি টকাসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ দেশৰ নাৰ্কটিক বিভাগৰ বৃহৎ সফলতা। পঞ্জাৱৰ মুলানপুৰ ঢাকা অঞ্চলত আভ্যন্তৰীণ নাৰ্কটিক বিভাগে জব্দ কৰিলে ৪.৯৪ কোটি টকাৰ লগতে ৩৮খনকৈ বাহনৰ নকল নম্বৰ প্লেট। জম্মু-কাশ্মীৰ আৰক্ষী আৰু পাঞ্জাৱ আৰক্ষীৰ সহযোগত নাৰ্কটিক বিভাগৰ অভিযানত জব্দ কৰা হয় এই নোটখিনি। উল্লেখ্য যে, অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীও আটক কৰিছে অভিযানকাৰীয়ে।

আটকাধীন অভিযুক্তজনৰ বিৰুদ্ধে কেইবাটাও ড্ৰাগছ সৰবৰাহৰ গোচৰ আছিল বুলি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। ঘটনাৰ সন্দৰ্ভত অভিযানকাৰীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী তদন্তত অভিযুক্তজনৰ পৰা অধিক তথ্য সংগ্ৰহ কৰা যাব বুলি আশা কৰিছে আৰক্ষীয়ে। ইপিনে তদন্তৰ খাতিৰত অভিযুক্তৰ নাম প্ৰকাশ কৰা নাই অভিযানকাৰী দলটোৱে।

নাৰ্কটিক বিভাগৰ বৃহৎ সফলতাঃ প্ৰায় ৫কোটি টকাসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
বিদ্যুতৰ খুঁটাত খুন্দা মাৰি সংকটজনক অৱস্থাত যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in