/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ecd095e-7072-43d6-9200-d4fe8bd1e451/3.jpg)
ডিজিটেল সংবাদ,বেকাজানঃ ২০২১চনৰ ৫ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাৰ অটিঙত ভাৰতীয় সেনাই বিদ্ৰোহীৰ সন্দেহত ১৩ জনকৈ সাধাৰণ নাগৰিকক হত্যা কৰা সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক জাননী জাৰি কৰে। এই সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ পৰা নিৰ্দেশনা লাভ কৰাৰ পিছত ৰাজ্যৰ মহাধিবক্তা কে এন বালাগোপাল আৰু নিত্য নাম্বিয়াৰ, ভিট্সো ৰিঅ’ আৰু প্ৰেৰণা ত্যাগীকে ধৰি তেওঁৰ দলটোৱে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ে প্ৰতিৰক্ষা আৰু গৃহমন্ত্ৰ্যালয়ক জাননী জাৰি কৰিছে।
উল্লেখযোগ্য যে সেনাৰ অটিঙ কাণ্ড এছ আই টিয়ে তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰা পিছতো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সামৰিক পৰিক্ৰমা বিভাগে এই গোচৰৰ সৈতে জড়িত ৩০ জন সেনা জোৱানৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমোদন অস্বীকাৰ কৰে। ফলস্বৰূপে এডভোকেট জেনেৰেল কে এন বালাগোপাল আৰু তেওঁৰ দলৰ হৈ নাগালেণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ৷
সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত ৩জনীয়া বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় দুয়োটাকে জাননী জাৰি কৰে বুলি জানিব পৰা গৈছে। আবেদনখনৰ মতে এই কাণ্ডৰ সৈতে জড়িত সেনা বিষয়াজনক তেওঁৰ চিপাহীয়ে সতৰ্ক কৰি দিছিল যে আণ্ডাৰ গ্ৰাউণ্ড ফৈদবোৰ তিৰু দলঙত নহয় বৰঞ্চ ৱাপন্যু অঞ্চলৰ পৰা কাম কৰি আছে। যিটো বেলেগ স্থান আছিল। কিন্তু সতৰ্কতাৰ পিছতো তেওঁ এই অভিযান চলাবলৈ আগবাঢ়ি যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3a076d34-7168-4105-aeb2-ea6e46dd1337/dad8d0b6-a3b6-4f0c-af3d-7fe1ec94c275.jpg)
যাৰ ফলত ৬ জন কয়লা খনিৰ শ্ৰমিক, ৭ জন গাঁৱৰ লোকৰ মৃত্যু হয়। আন ১৪ জন আহত হয়। সেনাই গুলীচালনাৰ পূৰ্বে কোনো সতৰ্কবাণী দিয়া হোৱা নাছিল। যিটো আইনী প্ৰট’কল উলংঘা কৰা বুলিও আবেদনখনত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও আবেদনত দাবী কৰা হৈছে যে সতৰ্কবাণী দিলেও স্থানীয় ভাষাত দিব লাগিছিল।
সেয়ে উক্ত ঘটনা সন্দৰ্ভত আবেদনখনত নগা পিপলছ মুভমেণ্ট ফৰ হিউমেন ৰাইটছ (এন পি এম এইচ আৰ) বনাম ইউনিয়ন অৱ ইণ্ডিয়াৰ উদ্ধৃতি দিয়া হৈছে। য’ত অনুমোদনৰ আদেশ নাকচ কৰাটো ন্যায়িক পৰ্যালোচনাৰ আওতাত ৰখা হৈছে।
উল্লেখ্য যে, আইনখনৰ অধীনত নিৰ্ধাৰিত সীমা অতিক্ৰম কৰা বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলাব পৰা যাব আৰু ভুক্তভোগীক ক্ষতিপূৰণ দিব লাগিব। আবেদনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হয় যে আইনৰ অধীনত সেনাই হত্যা কৰাৰ পূৰ্বে কোনো সতৰ্কবাণী দিয়া নাছিল। আনকি সতৰ্কবাণীও স্থানীয় ভাষাত হ’ব লাগিছিল।
ইয়াৰ বিপৰীতে অভিযুক্ত সেনা বিষয়াসকলৰ এজনৰ পত্নীয়ে এছ আই টিৰ প্ৰতিবেদন বাতিল কৰাৰ বাবে আবেদন দাখিল কৰিছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰে সেনা জোৱানৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাজ্য কৰ্তৃপক্ষক অনুমোদন অস্বীকাৰ কৰিছিল। যাৰ বাবে অনুমোদন আদেশ প্ৰত্যাহাৰৰ বাবে এই আবেদনখন প্ৰয়োজনীয় হৈ পৰিছে।
Also Read: ৰাইডঙীয়াৰ বি জে ইলেক্ট্ৰনিকছত অগ্নিকাণ্ড: ৫ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত