ৰাইডঙীয়াৰ বি জে ইলেক্ট্ৰনিকছত অগ্নিকাণ্ড: ৫ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত

ৰাইডঙীয়াৰ বি জে ইলেক্ট্ৰনিকছত অগ্নিকাণ্ড: ৫ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত

author-image
Asomiya Pratidin
New Update
ৰাইডঙীয়াৰ বি জে ইলেক্ট্ৰনিকছত অগ্নিকাণ্ড: ৫ লক্ষাধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাৰ ৰাইডঙীয়াত নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙীয়া বৰি বজাৰৰ মোবাইল পাৰ্টছ বিক্ৰী, মেৰামতি, লেইডি বাল্ব(LED BULB) বনোৱা বি জে ইলেক্ট্ৰনিকছ নামৰ এখন ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।

Advertisment

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু বটদ্ৰৱা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয়। ইতিমধ্যে ব্যৱসায়ীক প্ৰতিষ্ঠান খনত থকা লেপটপ, মোবাইল হেণ্ডছেট, মোবাইলৰ সামগ্ৰী, লাইট, ফেনকে ধৰি প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী পুৰি ছাৰখাৰ হয়।

উল্লেখযোগ্য যে, দৰিদ্ৰ পৰিয়ালৰ বিকু শইকীয়া নামৰ এজন যুৱকে অতি কষ্টৰে নতুনকৈ এই ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখন চলাই পৰিয়াল পোহ-পাল দি আছিল। নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোৰ পাছত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে।

Also Read: আম,জাম, কল, কমলাঃ একেলগে ৪০বিধ ফল লগা গছ দেখিছানে কেতিয়াবা...

Raidangiya fire broke out raidangiya