ভোট দানৰ হাৰ 0 শতাংশঃ নাগালেণ্ডৰ ৬খন জিলাক লাগে পৃথক ৰাজ্য...

ভোট দানৰ হাৰ 0 শতাংশঃ নাগালেণ্ডৰ ৬খন জিলাক লাগে পৃথক ৰাজ্য...

ডিজিটেল ডেস্কঃ আজিৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২১ খন জিলাত অনুষ্ঠিত হৈছে। কিন্তু এই নিৰ্বাচন বৰ্জন কৰিছে নাগালেণ্ডৰ কেইবাখনো জিলাই।

ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যনে বহু সময় ধৰি পৃথক প্ৰশাসন বা পৃথক ৰাজ্যৰ দাবী কৰি আহিছে। সংগঠনটোৱে স্থানীয় লোকসকলক ভোট বৰ্জন কৰাৰ আহ্বান কৰাৰ পাছতেই নাগালেণ্ডৰ ৬ খন জিলাত বৰ্তমান সময়লৈকে ভোটদানৰ হাৰ শূণ্য শতাংশ।

এই ৬ জিলাৰ লোকসকলে ২০১০ চনৰ পৰা তেওঁলোকে পিছপৰা জিলাসমূহ একত্ৰিত কৰি এখন পৃথক প্ৰশাসন বা ৰাজ্যৰ দাবী কৰি আহিছে । উত্তৰ-পূব ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্বাচন প্ৰক্ৰিয়াত বাধা প্ৰদান কৰাৰ বাবে ইএনপিঅ'ক জাননী জাৰি কৰিছে।

এক বিবৃতিত শীৰ্ষ নিৰ্বাচনী বিষয়াজনে কয় যে সংগঠনটোৱে "সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ ক্ষেত্ৰত পূৱ নাগালেণ্ড অঞ্চলত বাস কৰা লোকসকলৰ অধিকাৰত হস্তক্ষেপ কৰিছে। সেয়েহে সংগঠনটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭১ চি-ৰ উপ-ধাৰাৰ অধীনত এই তদন্ত আৰম্ভ কৰা হ'ব।

ইয়াৰ উত্তৰত সংগঠনটোৱে কয় যে, সাৰ্বাজনীক অধিসূচনাৰ মূল লক্ষ্য আছিল পূৱ নাগালেণ্ড অঞ্চলত বিশৃঙ্খলাৰ সম্ভাৱনা হ্ৰাস কৰা, আৰু অসামাজিক উপাদানৰ একত্ৰিত হোৱাৰ সৈতে সম্পৰ্কিত বিপদাশংকা হ্ৰাস কৰা। সংগঠনটোৱে লগতে উল্লেখ কৰে যে "পূৱ নাগালেণ্ড অঞ্চল বৰ্তমান ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ অধীনত আছে। আৰু ইয়াৰ অংশীদাৰসকলৰ সৈতে পৰামৰ্শৰ পিছত এই ঘোষণা কৰা হৈছিল।

সংগঠনটোৱে লগতে কয় যে, এয়া জনসাধাৰণৰ দ্বাৰা এক "স্বেচ্ছামূলক পদক্ষেপ" আছিল। গতিকে ইয়াত ধাৰা ১৭১ চি-ৰ অধীনত তদন্ত প্ৰযোজ্য নহয়। কিয়নো কোনো অপৰাধ সংঘটিত কৰা হোৱা নাই। বিবৃতিটোত এয়াও কোৱা হৈছে যে তেওঁলোকে নিৰ্বাচন আয়োগৰ সৈতে সহযোগিতা কৰিবলৈ সাজু। কিয়নো ইয়াত ভুল বুজাবুজি বা ভুল ব্যাখ্যা হৈছে।

উল্লেখ্য যে, সংগঠনটোৱে যোৱা বৰ্ষৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰো ঘোষণা কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিয়াৰ পাছত তেওঁলোকে সেয়া উঠাই লৈছিল। নাগালেণ্ডত এখন লোকসভা আসন আছে যি ২০১৮ চনৰ উপ-নিৰ্বাচনৰ পৰা নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ টোখেহো য়েফথমীৰ অধীনত আছে। এনডিপিপি বিজেপিৰ সহযোগী।

ভোট দানৰ হাৰ 0 শতাংশঃ নাগালেণ্ডৰ ৬খন জিলাক লাগে পৃথক ৰাজ্য...
পোষ্টেল ভোটৰ নামত প্ৰথম পৰ্যায় নিৰ্বাচনত ৰিগিঙৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in