পোষ্টেল ভোটৰ নামত প্ৰথম পৰ্যায় নিৰ্বাচনত ৰিগিঙৰ অভিযোগ

পোষ্টেল ভোটৰ নামত প্ৰথম পৰ্যায় নিৰ্বাচনত  ৰিগিঙৰ অভিযোগ

ডিজিটেল সংবাদ,নগাঁও : কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৯ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ১৯ নম্বৰ ভোটকেন্দ্ৰত খেলিমেলিৰ সৃষ্টি হয়। নমিতা দেৱী নামৰ এগৰাকী মহিলাই ভোটকেন্দ্ৰটোত পুৱাৰ ভাগত ভোট দিবলৈ গৈ দেখে যে আশ্চৰ্যজনকভাৱে তেওঁৰ নামৰ বিপৰীতে পোষ্টেল বেলট যোগে ভোট দিয়া দেখুওৱাৰ লগতে নামৰ বিপৰীতে PB চিহ্নটো থাকে।

ইয়াতে খৰ্গগ্ৰস্ত হৈ আৰু ভোটদানৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ মহিলাগৰাকীয়ে এইবিষয়ে ভোটকেন্দ্ৰটোৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়া গৰাকীক অৱগত কৰে। কিন্তু বিষয়াগৰাকীয়ে ইতিমধ্যে ভোট দিয়া নামৰ বিপৰীতে ভোট দিব নোৱাৰিব বুলি জনায়।

এইবিষয়ে মহিলা গৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰাৰ পাছত জিলা জনসংযোগ বিভাগৰ পৰা নমিতা দেৱীক যোগাযোগ কৰে আৰু পৰবৰ্তী পৰ্যায়ত পোষ্টেল বেলটৰ দ্বায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়া মনোৰমা বৰাক যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে নমিতা দেৱী নামৰ মহিলাগৰাকীক কোনো নিৰ্বাচনী দায়িত্ব প্ৰদান কৰা হোৱা নাছিল ।

পোষ্টেল ভোটৰ নামত প্ৰথম পৰ্যায় নিৰ্বাচনত  ৰিগিঙৰ অভিযোগ
ধেমাজিত অবৈধভাৱে ভোটদান,তীব্ৰ উত্তেজনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in