বিহাৰৰ কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনত গহপুৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু...

হত্যা নে আত্মহত্যা বাবুল বৰুৱাৰ ? মৃতদেহ আনিবলৈ গহপুৰৰ পৰা কৃষাণগঞ্জ অভিমুখে তিনি আত্মীয়...
বিহাৰৰ কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনত গহপুৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : বহি: ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ এক ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী ৰজাবাৰীৰ বিবাহিত যুৱক বাবুল বৰুৱা (৩২)ৰ মৃত্যুৰ বিষয়টো গভীৰ ৰহস্যৰ আবৰ্তত সোমাই পৰিছে।বিহাৰৰ কৃষাণগঞ্জ ৰেলৱে ষ্টেচনত সঁচাকৈয়ে বাবুল বৰুৱাক হানি-খুঁচি হত্যা কৰা হ'ল নে তেওঁক ৰে'লে খুন্দিয়ালে নে বাবুল বৰুৱাই ৰে'লৰ আগত পৰি আত্মহত্যা কৰিলে তাকে লৈ এতিয়া সন্দিহান হৈ পৰিছে গহপুৰৰ ৰাইজৰ লগতে আৰক্ষী-প্ৰশাসন।

কৃষাণগঞ্জ ৰে'লৱে আৰক্ষীয়ে প্ৰেৰণ কৰা ফটোখনত বাবুল বৰুৱাৰ দেহৰ বিভিন্ন অংশ ক্ষত বিক্ষত অৱস্থাত থকাৰ লগতে মূৰ আৰু এখন হাত দেহৰ পৰা বিচ্ছিন্ন হৈ থকালৈ চাই তেওঁক চলন্ত ৰে'লে মহটিয়াই নিয়া বুলি আশংকা কৰিব পাৰি। তদুপৰি কালি গহপুৰ ৰে'লৱে পুলিচে কৃষাণগঞ্জ ৰে'লৱে আৰক্ষীৰ পৰা বিষয়টো জানিব বিচৰাত কৃষাণগঞ্জ ৰে'লৱে আৰক্ষীয়ে "ৰান অভাৰ" হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।তদুপৰি কালি পুৱা কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনৰ পৰা বাবুল বৰুৱাই ফোন কৰা চাৰিটা ফোন কলৰ ভিতৰত এটা ফোন কলত কয় যে "মোক সিহঁতে বহুত অত্যাচাৰ কৰি মাৰিব। ইমান টৰ্ছাৰ খাই মই মৰিব নোৱাৰো। লাগিলে নিজে মৰি যাম।"

পত্নী পৰিস্মিতাক নিজে মৰি যাম বুলি কোৱাৰ পিছত বাবুলৰ ম'বাইল ছুইছ অফ হৈ পৰাৰ বিষয়টো যথেষ্ট সন্দেহৰ আবৰ্তত সোমাই পৰিছে। ইপিনে বৈদ্যুতিক মাধ্যমৰ বিহাৰৰ এগৰাকী সাংবাদিকে গহপুৰৰ এগৰাকী সাংবাদিকলৈ প্ৰেৰণ কৰা এখন ফটোত বাবুলৰ মৃতদেহ ৰে'লৰ চিৰিৰ ওপৰত পৰি থকাটো স্পষ্ট হৈ আছে। য'ত বাবুলৰ মূৰ আৰু এখন হাত বিচ্ছিন্ন হৈ আছে শৰীৰৰ পৰা। তদুপৰি বিহাৰৰ সাংবাদিক জনে যুৱক জনক ৰে'লে মহটিয়াই নিয়াৰ ফলতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। কিন্তু পত্নীলৈ ফোন কৰি "নিজে মৰি যাম" বুলি কোৱাৰ পিছতে কিয় ৰে'লে মহটিয়াই নিব লগা হ'ল বাবুল বৰুৱাক সেয়া গভীৰ ৰহস্যৰ ভিতৰত সোমাই পৰিছে।

বাবুল বৰুৱাৰ মৃত্যুৰ কাৰণ যিয়েই নহওঁক সেয়া আৰক্ষীৰ উপযুক্ত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলতহে স্পষ্ট হ'ব। ইপিনে বাবুলৰ মৃতদেহ আনিবৰ বাবে গহপুৰৰ পৰা কৃষাণগঞ্জলৈ সোমবাৰে ৰাওনা হৈছে বাবুলৰ তিনি আত্মীয় ক্ৰমে প্ৰতাপ বৰুৱা, যতীন বৰুৱা আৰু লাহৰী হীৰা। উল্লেখযোগ্য যে, প্ৰায় ছয় বছৰ আগৰ পৰাই দাদৰনগৰ হাবিলিৰ চি পি এফ নামৰ কোম্পানীত কাম কৰিছিল বাবুল বৰাই। কৰ্কট ৰোগত আক্ৰান্ত মাতৃৰ অসুখ বেছি হোৱাৰ কাৰণে তিনিদিন পূৰ্বে ঘৰলৈ ট্ৰেইনেৰে আহিছিল বাবুল। কিন্তু ঘৰলৈ আহি থকা বাবুলে কালি পুৱা প্ৰায় তিনি বজাত পত্নীলৈ ফোন কৰি তেওঁৰ মৃত্যু নিশ্চিত বুলি জনোৱাৰ পিছতে বাবুলৰ ক্ষত-বিক্ষত মৃতদেহৰ ফটো লাভ কৰে পৰিয়ালৰ লোকে। ইয়াৰ পিছতে গভীৰ ৰহস্যৰ আবৰ্তত সোমাই পৰে বাবুলৰ মৃত্যুৰ কাৰণ।

বিহাৰৰ কৃষাণগঞ্জ ৰে'লৱে ষ্টেচনত গহপুৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু...
বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হৈছে কিয় ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in