বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হৈছে কিয় ?

বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হৈছে কিয় ?

ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ পূব ভাৰতৰ একক আৰু অন্যন্য লোক সাংস্কৃতিক মহোৎসৱ ঢকুৱাখনাৰ ফাটবিহু। ভূমিপুত্ৰ সকলো জাতি জনগোষ্ঠীৰ স্বতঃস্ফূৰ্ত আৰু স্বকীয় লোক কৃষ্টি পৰম্পৰা আৰু জীৱন শৈলীৰ নিৰ্ভেজাল উপস্থাপনৰ এক সাৰ্বজনীন শতিকা গৰকা মঞ্চ চাৰিকড়িয়া নদীৰ অৱবাহিকাৰ মহঘুলি চাপৰিৰ ফাটবিহু বাকৰি। অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুক আধুনিকতাৰ আঁচোৰবিহীন ভাবে ৰখাৰ কৌটিকলীয়া সুকীয়া মাদকতা বিশিষ্ট এই ফাটবিহু বিশ্বমুখী যাত্ৰাত ২০২৩  বৰ্ষত যেন কেনা লাগিল।

শুকুৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত বিহু বাকৰিত অনুষ্ঠিত ফাটবিহুৰ এই বৰ্ণিল কাৰ্যসূচীকলৈ ঘৰে বাহিৰে প্ৰবল নেতিবাচক চৰ্চা আৰম্ভ হৈছে । প্ৰথমাৱস্থাত ফাটবিহুৰ পূৰ্বে বিহু বাকৰিৰ সমীপৰ ঢকুৱাখনা ঘূণাসুঁতি লোকনিৰ্মান পথৰ আৰু ঘিলামৰা- ঢকুৱাখনা ৰাজ্যিক ঘাইপথৰ কোৱাবাৰী দলনি অংশৰ দাঁতিত বিহু সমিতিৰ এখন আদৰণি হৰ্ডিং স্থাপনকলৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা । কস্মিন কালেও ফাটবিহু সমিতিৰ সভাপতিৰ ফটো সম্বলিত আদৰণি হৰ্ডিং দিয়াৰ ইতিহাস নথকা ফাটবিহুৰ ২০২৩ বর্ষৰ ফাটবিহুত এইবাৰ ব্যতিক্ৰম ঘটিল । সভাপতি বসন্ত শইকীয়াৰ লগতে মুখ্য উপদেষ্টা বিধায়ক নৱ দলেৰ ফটো সম্বলিত হৰ্ডিং লাগিল ৰাজপথৰ দাঁতিত ।

বিতৰ্কৰ আৰম্ভণি তাতেই হোৱাৰ পাছত দ্বিতীয়তো বিতৰ্ক হ'ল ফাটবিহুৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমন আৰু ফাটবিহু প্ৰেমীক আদৰণি জনাই মিচিং জাতিয় সংগঠনে স্থাপন কৰা আদৰণি তোৰণ ভাঙি লন্ডভণ্ড কৰাটো । অন্যান্য বহু সংখ্যক তোৰণলৈ শুভ দৃষ্টি দি এইখন তোৰণহে বাচি বাচি বিনষ্ট কৰা বিষয়টোক লৈ চলিল ব্যাপক চৰ্চা । 

ইয়াৰ পাছত আহিল ফাটবিহুৰ সভাপতিক আদৰাৰ বিতৰ্ক। ফাটবিহুৰ কৌটি কলীয়া পৰম্পৰাত কোনো দিনে ফাটবিহু সমিতিৰ সভাপতিক গায়ন বায়নেৰে আদৰি অনাৰ নজিৰ নাছিল । কিন্তু এইবাৰ ইয়াৰ ব্যতিক্ৰম হ'ল । সভাপতি বসন্ত শইকীয়াক এই সুকীয়া বিশেষ মান্যতা প্ৰদান কৰি আদৰি অনা হ'ল পতাকা উত্তোলন থলীলৈ । এনেবোৰ দৃষ্টিকটু আৰু ব্যতিক্ৰমী কাৰুকাৰ্য দেখি শুনি একাংশ ঢকুৱাখনীয়াই মনৰ ক্ষোভ মনতে সঞ্চিত কৰি ৰখাৰ পৰৱৰ্তী সময়তে পতাকা উত্তোলন কাৰ্যসূচীত লাগিল অশুভ কেনা । সভাপতি শইকীয়াই পতাকা উত্তোলন কৰিব লওঁতেই পতাকা খহি আহি পৰিল সভাপতিৰ হাতৰ মুঠিত । পাছত পতাকা উত্তোলন দণ্ড উঠাই আনি বহু পলমকৈ পতাকা উত্তোলন কৰা হয় । বিষয়টোৱে লাভ কৰিলে ব্যাপক নেতিবাচক চৰ্চা।

ইয়াৰ পাছতেই দ্বিতীয় দিনা আহিল মুখপত্ৰ "বিহুৱান" উন্মোচনী পৰ্ব । খ্যাতনামা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে শুভ উন্মোচন কৰা এইখন স্মৃতিগ্ৰন্থ "বিহুৱান" উন্মোচনৰ পাছতেই সৃষ্টি হ'ল পুনৰ প্ৰভূত প্ৰতিক্ৰিয়া । "বিহুৱান"ৰ শুভেচ্ছাবাণী শিতানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া শুভেচ্ছাবাণীত ফাটবিহুক "মিচিং জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিৰ অপূৰ্ব প্ৰকাশ" বুলি অভিহিত কৰাক লৈ বৌদ্ধিক মহলত সৃষ্টি হৈছে সীমাহীন প্ৰতিক্ৰিয়া। এগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এক শুভেচ্ছাবাণীত সন্নিবিষ্ট এনে মাৰাত্মক ক্ৰুটিয়ে "বিহুৱান"খনৰ লগতে ফাটবিহুক পুনৰ বিতৰ্কিত কৰি তুলিলে।

ইয়াৰ পাছতেই নিশালৈ সংঘটিত হ'ল ফাটবিহুৰ ইতিহাসৰ সবাতোকৈ নিকৃষ্ট ঘটনাৰ । ফাটবিহুৰ ইতিহাসত এক কলা অধ্যায় হিচাবে পৰিগণিত হোৱা এই ঘটনা হ'ল ফাটবিহুৰ মঞ্চত প্ৰতিযোগী বিহুদলৰ ওপৰত উদযাপন সমিতি আৰু ফাটবিহু সমিতিৰ একাংশ মুষ্টিমেয় বিষয়ববীয়াই  চলোৱা মাৰাত্মক দলবব্ধ আক্ৰমণ । লোক সংস্কৃতিৰ বৰভেঁটি হিচাবে গণ্য কৰা এই ফাটবিহুৰ হৃৎপিণ্ড স্বৰূপ মঞ্চৰ ওপৰতে হিংসা সংস্কৃতিৰ পাতনি মেলি এচাম অবিবেচকী আৰু উন্মত্ত অসহনশীল বিষয়ববীয়াই কৰা উন্মাদ আৰু উন্মত্ত আচৰণৰ বলি হৈ এগৰাকী লোক সংস্কৃতিৰ সাধকৰ মূৰ ফাটি যোৱাৰ দৰে জঘন্য আৰু বৰ্বৰ কাণ্ডৰ পাছত এতিয়া বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হোৱাৰ পথ ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে প্ৰশস্ত কৰি দিলে ।

ফাটবিহুৰ অম্ল মধু পান কৰিবলৈ মাজ নিশালৈকে অপেক্ষা কৰা শত সহস্ৰ দৰ্শকৰ সন্মুখতে কৰা মাতাল সদৃশ আচৰণৰ দৃশ্য মুহুৰ্তৰ ভিতৰতে বিয়পি পৰিল। মঞ্চৰ ওপৰতে  লোক সংস্কৃতিচৰ্চাকাৰী দলক খেদি খেদি কৰা প্রাণনাশী আক্ৰমণ আৰু লোক সংস্কৃতিৰ প্ৰতি কৰা চূড়ান্ত তাচ্ছিল্যসূচক ব্যৱহাৰৰ বাবে ৰাজ্যখনৰ সৰ্বত্ৰতে ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ এইসকল উন্মত্ত বিষয়ববীয়া কৰ্মকর্তাক ধিক্কাৰ, গৰিহণাৰে উপচাই দিয়াৰ জোৱাৰ উঠিছে । ফাটবিহুৰ গৰিমা অক্ষুন্ন ৰখাত সফল হোৱাটো বাদেই অৱশিষ্টখিনিও পদপিষ্টহে কৰি উৰ্ধবাহু নৃত্য কৰা এইসকল অতি ফাটবিহুপ্ৰেমীৰ বাবেই অসমৰ এটা জাতিয় অনুষ্ঠান সদৃশ ফাটবিহু ৰাজ্যবাসীৰ ওচৰত লজ্জানত আৰু সমালোচিত হ'ব লগা হ'ল ।

দ্বিতীয় দিনৰ এই কলা কাণ্ডৰ বিৰুদ্ধে ঢকুৱাখনাবাসীয়ে একেমুখে নিন্দা কৰাৰ পৰৱৰ্তী সময়ত অন্তিম দিনৰ নিশা উদযাপন সমিতিৰ প্ৰচাৰ উপ সমিতিৰ একাংশ সদস্যৰ প্ৰতি প্রদর্শন কৰা দায়বদ্ধহীন আচৰণৰ বাবেও উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে । সংবাদমাধ্যমৰ সতে জড়িত ঢকুৱাখনাৰ একাংশ প্ৰচাৰ সমিতিৰ সদস্যই যোৱা তিনিটা দিনত আগবঢ়াই অহা নিৰন্তৰ প্ৰচাৰৰ পাছতো মাজুলী, লখিমপুৰ, ধেমাজি আদি জিলাৰ পৰা বিহু সম্প্রচাৰৰ বাবে অহা সতীৰ্থ সাংবাদিক সকলক ভোকৰ  এসাঁজ ভাত, পিয়াঁহৰ এটুপি পানী, এখন "বিহুৱান"ৰ সুবিধা কৰি নিদি কৰা চৰম আওকণীয়া মনোভাৱৰ সন্দৰ্ভত ফাটবিহু আৰু উদযাপন সমিতিৰ বিষয়ববীয়াক ক্ষোভ উজাৰি  এনে দায়িত্বহীন আচৰণৰ কটু সমালোচনা কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ফ্লেক্সত ফাটবিহুৰ প্ৰতীক সংযোজন কৰা, এখন গামোচা কাটি দ্বিখণ্ডিত কৰি ফাটবিহুৰ পতাকা প্ৰস্তুত কৰি ৰাজপথ, বিহু বাকৰিত স্থাপন কৰা মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে গেৰুৱা দলৰ পতাকাৰে সমগ্ৰ পৰিৱেশ গেৰুৱাময় কৰি তোলা আদি সীমাহীন দৃষ্টিকটু দৃশ্যই এইবাৰৰ ফাটবিহুক বাস্তৱিকতে সুকীয়া কৰি তুলিলে । ইপিনে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হোৱা ফাটবিহু আৰু উদযাপন সমিতিৰ বিষয়ববীয়া একাংশৰ  সামাজিক পৰিচয়েও  অধিক সুকীয়া  তাৎপৰ্য বহন কৰিছে এইবাৰৰ ব্যতিক্রমী মহোৎসৱত।

কাৰ্যসূচীত লিপিবদ্ধ বিষয়ববিয়া সকলৰ ৰাজহুৱা পৰিচয় থোৰতে উল্লেখ কৰাটো প্ৰয়োজনীয়। ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, উপসভাপতি ৰঞ্জিত সন্দিকৈ দলৰ জিলা কাৰ্যনিৰ্বাহক সদস্য, সম্পাদক ভাস্কৰ দাস দলৰ সদস্য, উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা দলৰ সক্ৰিয় সদস্য,উপ সভাপতি চেনিৰাম গগৈ দলৰ  জিলা কৃষাণ মৰ্চাৰ সাধাৰণ সম্পাদক, হৰেন দত্ত জিলা কাৰ্যনিৰ্বাহক সদস্য, সম্পাদক বনশ্যাম গগৈ, গেৰুৱা দলৰ মণ্ডল সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক নৱজ্যোতি দাস মণ্ডল যুৱ মৰ্চাৰ প্রভাৰীৰ পদ অলংকৃত কৰি অহাৰ পাছত এইবাৰৰ ফাটবিহুত এনে দৃষ্টিকটু  ব্যতিক্ৰম হোৱাটোত একো অস্বাভাৱিকতা নাই বুলি বিভিন্নজনে হাটে বাটে চৰ্চা কৰিছে।

কোৱা হয় ৰাজনীতি আৰু ৰাজনৈতিক নেতাই এখন পৰিশীলিত সমাজ ভাগ ভাগ কৰে  আৰু সংস্কৃতিয়ে ভগ্ন প্ৰায় এখন সমাজ একত্ৰিত কৰে।  সংস্কৃতিৰ মাজত ৰাজনীতি সোমালে সেই সংস্কৃতিয়ে নিজস্বতা হেৰুৱাই। হয়তো ঢকুৱাখনাৰ স্বাভিমানী লোক উৎসৱ ফাটবিহুৰ ক্ষেত্ৰত সেয়াই হৈছে। ঢকুৱাখনীয়াৰ সম্ভ্ৰম এই ফাটবিহুৰ এনে অনাকাংক্ষিত বিৱৰ্তন কাৰোৰে কাম্য নহয় । সময় এতিয়া চিন্তন মন্থন কৰাৰ। আত্মবিশ্লেষণ আৰু আত্ম উপলব্ধিৰে ফাটবিহুৰ বিশ্বমুখী যাত্ৰাৰ গতি যাতে স্তিমিত নহয় তাৰ এক সৰ্বজনগ্ৰাহ্য পথ বাচি উলিয়াই অতীতৰ আৰু বৰ্তমানৰ কেৰুণবোৰ আঁতৰাই  ফাটবিহুক স্বতঃস্ফূৰ্ত আৰু প্ৰাকৃতিক পৰিবেশৰ  সকলো জাতি জনগোষ্ঠীৰ একক লোক উৎসৱ হিচাবে পুনৰ প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে । এয়া সাম্প্ৰতিক  সময়ৰো আহ্বান  হিচাবে বিবেচিত হৈছে।

বিশ্ববন্দিত ফাটবিহু সৰ্বনিন্দিত হৈছে কিয় ?
প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in