শিক্ষিত মহিলাই সমাজত সদায় ইতিবাচক প্ৰভাৱ পেলায়ঃ ৰাষ্ট্ৰপতি

মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ ১৬৫ তম সমাৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেওবাৰে চেন্নাইত উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
দেশবাসীক নতুন বছৰৰ শুভেচ্ছা ৰাষ্ট্ৰপতিৰ

ডিজিটেল ডেস্কঃ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ ১৬৫ তম সমাৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেওবাৰে চেন্নাইত উপস্থিত হয়। তাত তেওঁক ৰাজভৱনত 'গাৰ্ড অফ অনাৰ' দিয়া হয়।

Advertisment

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ কয় যে শিক্ষিত মহিলাসকলে অৰ্থনীতিলৈ এক ডাঙৰ অৱদান আগবঢ়াব পাৰে, বিভিন্ন ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব পাৰে আৰু সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমান বিশ্ববিদ্যালয় আৰু ইয়াৰ অনুমোদিত মহাবিদ্যালয়সমূহত প্ৰায় ১.৮৫ লাখ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। যাৰ ভিতৰত ৫০ শতাংশতকৈও অধিক মহিলা আছে।

উক্ত অনুষ্ঠানতে অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ডিগ্ৰী লাভ কৰা সকলক শুভেচ্ছা জ্ঞাপন কৰে।

Also Read: চন্দ্রপুৰত মৃতদেহ উদ্ধাৰ,এতিয়ালৈকে হোৱা নাই চিনাক্ত

draupadi murmu