উভতি আহিব ডাবল ডেকাৰ বাছ...

উভতি আহিব ডাবল ডেকাৰ বাছ...

ডিজিটেল ডেস্ক : বিংশ শতিকাৰ বলীউডৰ এক অপৰিচ্ছেদ্য অংগ আছিল ডাবল ডেক‍াৰ বাছ সমূহ । চলচিত্ৰ সমূহত বিভিন্ন সময়ত পৰ্দাপন কৰোৱা হৈছিল ডাবল ডেকাৰ বাছক । অৱশ্যে কেৱল বলীউডেই নহয় বৰং বাংলা চলচিত্ৰ জগতৰ মহানায়ক স্বৰূপ উত্তম কুমাৰকো দেখা গৈছিল ডাবল ডেকাৰ বাছৰ এটি দৃশ্যাংশত ।

১৯৩৭ চনতেই মুম্বাইত আৰম্ভ হোৱা ডাবল ডেকাৰ বাছ কালৰ সোঁতত যেন হেৰাই গৈছিল মায়ানগৰীৰ পৰা । মেট্ৰ' প্ৰকল্পৰ বাবে ৰাজপথত বিশালকায় ডাবল ডেকাৰ বাছৰ চলাচল অসম্ভৱ হৈ পৰিছিল । তেনেস্থলত প্ৰশাসনৰ হাততো বাছ কেইখন বন্ধ কৰাৰ বাহিৰে যেন আন উপায় নাছিল ।

কিন্তু আগন্তুক বৰ্ষত উভতি আহিব ডাবল ডেকাৰ বাছ । শেহতীয়াকৈ বিদ্যুৎ চালিত বাহনৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই পৌৰ নিগমে ৬০ খন বিদ্যুৎ চালিত ডাবল ডেকাৰ বাছ ২০২৩ বৰ্ষৰ ১০ জানুৱাৰীত উদ্বোধন কৰিব প্ৰশাসনে । পাছলৈ অৱশ্য এই সংখ্যা বৃদ্ধি কৰি ৪০০ খনলৈ ডাবল ডেকাৰ বাছ মুকলি কৰিব মুম্বাই প্ৰশাসনে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in