/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c05535f0-913f-41aa-a0d2-1f96d3f83758/road.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰিৰ অসম নগালেণ্ডৰ সীমাৰ উৰিয়ামঘাটৰ শান্তিপুৰত অসমৰ প্ৰশাসনৰ লগত আলোচনা তথা অনুমতিবিহীন ভাৱে নগা প্ৰশাসনে এটি পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে টহকু বস্তিলৈ অসমৰ ন পথাৰ শান্তিপুৰ, ভেলোগুৰি, হৰিপুৰ আৰু গেলাজান আহোম গাঁৱৰ মাজেৰে নিৰ্মাণ আৰম্ভ কৰা উক্ত কাৰ্যৰ বাবদ স্থানীয় লোক বা অসমৰ প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ এটি বৃহদাকাৰ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰে।
পথটো নিৰ্মাণৰ গইনা লৈ অসমৰ বাসিন্দা সকলৰ শ শ জোপা তামোল গছ কাটি তহিলং কৰে। ইপিনে স্থানীয় বিদ্যুৎ বিভাগৰ অনুমতি অবিহনে অঞ্চলটোৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাও আঁতৰাই পেলোৱা হয়। কামাণ্ডিং, জেকচে, হকাইটু, পক্ষে আদি নগা গাঁও সংযোগ কৰিব লগা প্ৰকাশ উক্ত পথটো নিৰ্মাণৰ বহু পৰিমাণে কাম আগবঢ়াৰ পাছতহে বিষয়টোৰ সম্পৰ্কে স্থানীয় প্ৰশাসন অৱগত হয়। শেষতীয়াকৈ উৰিয়ামঘাটত থকা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ শিৱিৰত পথ নিৰ্মাণ কৰি থকা চাৰিখন গাঁৱৰ গাঁওবুঢ়া আৰু সীমা দণ্ডাধীশৰ মাজত অনুষ্ঠিত এক আলোচনাত এক সমাধান সূত্ৰত উপনীত নোহোৱালৈকে পথ নিৰ্মাণৰ কাম ধনশিৰি মহকুমাৰ সীমা দণ্ডাধীশে সাময়িকভাৱে বন্ধ ৰাখিছে বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত নগা চৰকাৰে উক্ত পথ নিৰ্মাণৰ কাম হাতত লোৱাৰ কথা ধনশিৰি মহকুমা প্ৰশাসনক অৱগত কৰোৱা নাছিল বুলিও সীমা দণ্ডাধীশ গৰাকীয়ে প্ৰকাশ কৰে। অসমৰ কৃষকৰ তামোল গছ আদি কোনো ক্ষতিপূৰণ নিদিয়াকৈ কাটি তহিলং কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকসকলে। বিষয়টোৰ ক্ষেত্ৰত স্থানীয় বিধায়কৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলটোৰ বাসিন্দা সকলে।
আৰু পঢ়ক : মৰিগাঁও পৌৰপতি যুগেশ তামুলীৰ বাবে বন্ধ মৰিগাঁও পাইকাৰী মাছৰ বজাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us