তাজ হোটেল, মুম্বাইৰ বিমান বন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...

কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা
তাজ হোটেল, মুম্বাইৰ বিমান বন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...
তাজ হোটেল, মুম্বাইৰ বিমান বন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ ভাবুকি আহিল মুম্বাইৰ প্ৰসিদ্ধ তাজ হোটেল, ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰলৈ। সোমবাৰে পুৱা ১১ বজাত মুম্বাই আৰক্ষীলৈ তাজ হোটেল আৰু ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমান বন্দৰে বোমাৰে উৰুৱাই দিয়াৰ ধমকিৰে আহিল এটা ফোন কল।

ইয়াৰ পিছতেই বিমান বন্দৰ, পঞ্চতাৰকাযুক্ত তাজ হোটেলসহ মুম্বাই চহৰত সতৰ্কতা জাৰি কৰা হয়। ইয়াৰ সমান্তৰালকৈ চহৰখনৰ বিভিন্ন স্থানত তালাচী অভিযানো সক্ৰিয় কৰি তোলা হয়। বিশেষকৈ তাজ হোটেল আৰু বিমান বন্দৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয়।

অৱশ্যে আৰক্ষীয়ে কোনো সন্দেহজনক লোক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অজ্ঞাত লোকৰ পৰা লাভ কৰা সেই নিৰ্দিষ্ট ফোন কলৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি অজ্ঞাত লোকৰ পৰা অহা ফোন কলত কোৱা কৈছিল বিমানবন্দৰ আৰু তাজ হোটেলত বোনা ৰখা হৈছে। যি কোনো সময়তে বিস্ফোৰণ ঘটিব পাৰে। ইয়াক পাছতেই আৰক্ষীয়ে সময় অপচয় নকৰাকৈ তালাচী চলায়। কিন্তু আৰক্ষীয়ে তেনে কোনো সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে।

আৰক্ষীয়ে জনোৱা মতে সেই নিৰ্দিষ্ট ফোন আহিছিল উত্তৰ প্ৰদেশৰ পৰা। ইয়াৰ আঁৰত কোন আছে সেই বিষয়ে অৱশ্যে এতিয়াও কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে, তাজ হোটেললৈ এয়াই প্ৰথম ভাবুকি নহয়। ইয়াৰ আগেও বহু কেইবাৰ এই হোটেললৈ ভাবুকি আহিছে।

তাজ হোটেল, মুম্বাইৰ বিমান বন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি...
নিজক বিচাৰি এটা নিশা জুকু ভেলীত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in