/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/360c90e7-8b0c-4e61-b386-1b9dbeda3a64/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
জুকু ভেলীত...
যাওঁ নাযাওঁ কৈ ভঙা বাকচ সদৃশ বাছখন আগলৈ আগবাঢ়িছে। লক্ষ্যস্থান পোৱাৰ পূৰ্বেই এবাৰ ৰাজপথৰ মাজতেই বাছখন ৰৈ গৈছে। বছৰ বছৰ ধৰি পাহাৰীয়া একা বেঁকা পথেৰে মানুহ কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰা বাছখনৰ ইঞ্জিনটো হয়তো বিদ্ৰোহী হৈ উঠিছে।
কিছু সময়ৰ আগলৈকে চলি থকা ইঞ্জিনটো হঠাৎ বন্ধ হৈ পৰিছে। যেন এনেকৈয়ে সি তাৰ চালকজনৰ আগত প্ৰতিবাদ কৰিছে। চালকজনক বুজাই দিছে- ‘’হ’ব আৰু মোক এতিয়া জিৰণীৰ প্ৰয়োজন।‘’
বন্ধ হৈ পৰা বাছখনৰ ইঞ্জিনটোৰ সেই প্ৰতিবাদ নৰজিল। পাকৈত চালকজনে ইঞ্জিনটোক আকৌ ষ্টাৰ্ট কৰিলে। পূৰ্বতকৈ অধিক বেগেৰে এইবাৰ বাছখন আগবাঢ়িল। পাহাৰীয়া একা বেঁকা বাট। মাজে মাজে ওপৰলৈ উঠিছে মাজে মাজে এঢলীয়া বাটেৰে তললৈ নামিছে।
ডিমাপুৰৰ বাছ আস্থানৰ পৰা নাগালেণ্ড পৰিবহন বিভাগৰ এই বাছখনত প্ৰায় ৪০জন যাত্ৰী। সকলোৰে লক্ষ্যস্থান কোহিমা। পিছে আমাৰ লক্ষ্যস্থান আছিল নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৰ এক প্ৰাকৃতিক ৰম্যভূমি। সৰগীয় সুখ প্ৰাপ্তিৰ এক সেউজীয়া উপত্যকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/2f5385be-401c-40c1-b19e-5271830ade00/f7461090-bfba-4a8b-b780-35752abee11a.jpg)
অৱশ্যে আমি এই উপত্যকালৈ যোৱাৰ পূৰ্বে এটা নিশা পাৰ কৰিব লাগিব ঐতিহাসিক কিছামা ভিলেজত। কোহিমাৰ এই কিছামা ভিলেজতেই অনুষ্ঠিত হৈ আহিছে বিশ্ব প্ৰসিদ্ধ হৈ পৰা হৰ্ণবিল ফেষ্টিভেল। প্ৰতি বছৰেই ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ আহিছে এই ফেষ্টিভেল।
২৩ মে’ত যাত্ৰা কৰা অম্লান আৰু মোৰ সৈতে দুজনীয়া দলটো সেই দিনাই গৈ কিছামাত উপস্থিত হ’লো। এটা নিশা কিছামাৰ নৈশৰ্গিক পৰিৱেশৰ মাজত অতি সহজ, সৰল আৰু ভদ্ৰ নাগা পৰিয়ালৰ ঘৰতেই পাৰ কৰিলো।
যিদৰে পানী নাপালে জীয়া মাছে চটফটাই থাকে ঠিকে তেনেদৰেই প্ৰচণ্ড গৰমত অসমৰ মানুহে ২৩ মে’ৰ দিনা চটফটাই থকাৰ সময়তে আমি কোহিমাৰ কিছামা ভিলেজত জুইৰ উত্তাপ লৈ অসম আৰু নাগালেণ্ডৰ বিভিন্ন বিষয়ত আড্ডা দিয়াত মচগুল। তাৰ মাজতেই সোৱাদ ল’লো নাগা ৰান্ধনীঘৰত জুইত ৰন্ধা থলুৱা খাদ্যৰ।
নিশাৰ কোহিমাত তেতিয়া আমাৰ পুহমহীয়া জাৰৰ দৰে শীতপ্ৰবাহ। কম্বলৰ তলতেই সোমাই সৰগীয় সুখ প্ৰাপ্তিৰ বাবে আমি যাবলৈ লোৱা সেই সেউজীয়া উপত্যকাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ। খিৰিকীৰে আকাশলৈ এবাৰ চালোঁ- বৌদ্ধ পূৰ্ণিমাৰ জোন সেইদিনা কোহিমাৰ আকাশত নেদেখিলোঁ। অৱশ্যে দেখিলো তৰা ভৰা এখন বিশাল আকাশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c06ec1e4-7a66-4e45-8173-cf4633810798/44c27f93-2808-4bd9-9d1a-4ce500dd9708.jpg)
জুকু ভেলী। এক সপোন পুৰী। ভাৰতত অনেক উপত্যকা আছে। যাৰ সৌন্দৰ্যৰ তুলনা নহয়। যাৰ সৌন্দৰ্যক বৰ্ণনা কৰিবলৈও কঠিন। ভাৰতৰ এনে উপত্যকাসমূহে পৰ্যটকক আকৰ্ষণ কৰি আহিছে।
উত্তৰ ভাৰতৰ এনে বহু উপত্যকা দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যদিও উত্তৰ পূৰ্বাঞ্চলৰ তেনে বহু উপত্যকাই অৱশ্যে এতিয়াও পাবলগীয়া সেই জনপ্ৰিয়তা পোৱা নাই। কিন্তু এইসমূহ উপত্যকাৰ সৌন্দৰ্য আন কাৰো সৈতে তুলনা নহয়। এনে এক উপত্যকা নাগালেণ্ডৰ কোহিমা জিলা আৰু মণিপুৰৰ সেনাপতি জিলাৰ সীমান্তত অৱস্থিত জুকু ভেলী।
শেহতীয়াকৈ এই জুকু ভেলী বা উপত্যকা পাহাৰ বগাই ভাল পোৱা লোকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে। উত্তৰ পূব ভাৰতৰ হিমালয়ৰ কোলাত অৱস্থিত এই উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২ হাজাৰ মিটাৰতকৈ অধিক উচ্চতাত অৱস্থিত।
এই উপত্যকা মূলতঃ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু উদ্ভিদৰ বাবে বিখ্যাত। এই উপত্যকাত ফুলি থকা ফুলবোৰ ভাৰতৰ আন কোনো প্ৰান্ততে পোৱা নাযায় বুলি কোৱা হয়। এই উপত্যকাৰ যি সেউজীয়া প্ৰাকৃতিক মনোৰম দৃশ্য সেই দৃশ্য হিমালয়ৰ আন কোনো প্ৰান্তত দেখা নাযায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b482a24d-5377-4877-bbcd-10288e15a5aa/53f5074d-954b-4094-8eee-4d1a1bb71b60.jpg)
জুকু ভেলীলৈ দেশৰ আন প্ৰান্তৰ পৰ্যটকৰ তুলনাত অসমৰ পৰ্যটকেই অধিক যায়। ২৪ মে’ত ট্ৰেকিং আৰম্ভ কৰাৰ সময়ৰ পৰা জুকু ভেলীত উপস্থিত হৈ এটা নিশা তাত পাৰ কৰি পুনৰ তললৈ নামি অহালৈকে আমি যিমানবোৰ মানুহ লগ পালো তাৰ ৯০ শতাংশই অসমৰ।
শিৱসগাৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ধেমাজি, ধুবুৰী, গুৱাহাটী, লখিমপুৰ, শোণিতপুৰকে ধৰি অসমৰ প্ৰায় সংখ্যক জিলাৰ পৰা গৈছে পৰ্যটক। অৱশ্যে অসমৰ বাদেও ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ পৰ্যটকক লগ পালোঁ ইয়াত।
যিসকল লোকে পাহাৰ বগাব পাৰে, প্ৰকৃতিৰ সৈতে বিলীন হ’ব বিচাৰে বা ’এডভেঞ্চাৰ’ ভাল পায় তেওঁলোকে জুকু ভেলীলৈ যাব পাৰে। ইয়ালৈ যাবলৈ প্ৰথমেই যাব লাগিব ডিমাপুৰলৈ। গুৱাহাটীৰ পৰা পুৱা ৬ বজাত ৰে’লত উঠিলে ১০ৰ পৰা ১০-৩০ বজাত পাবগৈ ডিমাপুৰ।
ডিমাপুৰৰ পৰা টেক্সি অথবা নাগালেণ্ড পৰিবহণ বিভাগৰ বাছেৰে যাত্ৰা কৰিব লাগিব কোহিমালৈ। বাছত এজনৰ ভাড় ১৫০ টকা আৰু টেক্সিত ৩৩০ টকা। কোহিমা আই এছ বি টিৰ পৰা পুনৰ যাব লাগিব কোহিমা টাউনলৈ।
ডিমাপুৰত উপস্থিত হোৱাৰ সময়ত ইচ্ছা কৰিলে ডিমাপুৰ ৰে’ল ষ্টেচনৰ কাষতে থকা বিখ্যাত হংকং মাৰ্কেটত সোমাই প্ৰয়োজনীয় দুই- এপদ সামগ্ৰীও ক্ৰয় কৰি নিব পাৰে আপুনি। অৱশ্যে ইয়াত আপোনাৰ 'বাৰ্গেনিং' কৰাৰ কলা থাকিব লাগিব।অন্যথা বৰ বেছি লাভ নহ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/efa52fc0-653f-44e1-b79c-279143a6f60e/6c9ca289-84e3-4ee4-8a86-0cdbbbb7a51a.jpg)
ডিমাপুৰৰ পৰা কোহিমালৈ বাছত প্ৰায় ২ ঘণ্টা আৰু টেক্সিত একৰ পৰা ডেৰ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব। সময় মিলিলে বা আগ্ৰহ থাকিলে কোহিমাত থকা দ্বিতীয় বিশ্বযুদ্ধৰ ৱাৰ মেমৰিয়েলতো এপাক ভূমুকি মাৰিব পাৰে। এতিয়াও এই ৱাৰ মেমৰিয়েললৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা লোক আহে।
কোহিমাৰ পৰা কিছামালৈ আপুনি ল’ব লাগিব টেক্সি। টেক্সিত ভাড়া দিব লাগিব ৬০০ ৰ পৰা ৭০০ টকা। কিছামাত আপুনি পাব অসংখ্য হোম ষ্টে’। অসমৰ পৰ্যটন ক্ষেত্ৰত এতিয়াও এই হোম ষ্টে’ ব্যৱস্থা জনপ্ৰিয় নহয়।
গুৱাহাটীক বাদ দি আন প্ৰান্তত হোম ষ্টে’ৰ ধাৰণা প্ৰায় নাই বুলিবই পাৰি। নাগালেণ্ডত কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত। এই হোম ষ্টে’ ব্যৱস্থাই পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰ্যটকেও হোটেল বা ল'জৰ বিপৰীতে হোম ষ্টে’ত এক ঘৰুৱা পৰিৱেশত থাকি দুই এটা নতুন কথা শিকি থাকিবলৈ আগ্ৰহ কৰে।
আমাৰ কাজিৰঙা, শিৱসাগৰকে ধৰি যিবোৰ পৰ্যটন ক্ষেত্ৰলৈ দূৰ দূৰণিৰ পৰা পৰ্যটকৰ আগমণ হয় সেই অঞ্চলসমূহত এই ধৰণৰ হোম ষ্টে’ৰ ব্যৱস্থা গঢ়লৈ উঠিলে পৰ্যটন ক্ষেত্ৰই এক নতুন মাত্ৰা লাভ কৰিব।
কোহিমাৰ কিছামা ভিলেজত আমি দেখিলো প্ৰতি ঘৰতেই আছে হোম ষ্টে’ৰ ব্যৱস্থা। আমি বাচি লৈছিলো হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হোৱা ঠাইৰ পৰা কিছু নিলগত থকা ’হিলছ হোমষ্টে’। এটা নিশাত আমাৰ পৰা তেওঁলোকে ল’লে এজনৰ পৰা ১ হাজাৰকৈ টকা। এই এক হাজাৰ টকাত এনিশা থকাৰ উপৰিও আমি পালো সন্ধিয়াৰ চাহ, নিশাৰ আমিষ আহাৰ আৰু পুৱাৰ জলপান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f9347beb-3a3c-41a0-ba4d-5e4ca4b8e498/5265c4af-c53b-4311-811e-3c5bc3ce32ad.jpg)
কিছামাৰ পৰা জুকু ভেলীৰ ট্ৰেকিং পইণ্টলৈ যাব লাগিব টাটা চুমু বা পিক আপ ভানত। ইয়াত এজন গ’লেও তেওঁলোকে ভাড় লয় ২০০০ টকা অথবা ১০ জন গ’লেও ভাড়া ল’ব ২০০০ টকা। গতিকে যাত্ৰী যিমানেই হ’ব তেওঁলোকৰ মাজত সেই ২০০০ টকা ভাগ হ’ব। বাটত আকৌ এণ্ট্ৰি ফি হিচাপে দিব লাগিব এজন ব্যক্তিয়ে ২২০ টকা।
ট্ৰেকিং পইণ্টৰ পৰা আপুনি জুকু ভেলীলৈ যাবলৈ দুটা পইণ্ট পাব- ভিছামা আৰু জাখামা। ইয়াৰে ভিছামা পইণ্টেৰে যোৱা পথ কঠিন আৰু জাখামাৰ পথ অলপ উজু। কিন্তু সহজ একেবাৰে নহয়।
আমাৰ দুজনীয়া দলটোৰ লগত কোনো গাইড নাছিল। তথাপিও সাহস কৰি আগবাঢ়িলো। তাতেই লগ পালো গুৱাহাটীৰ আন এটা দল। দলটোত আছিল গুৱাহাটীৰ চুমি, প্ৰণামি, জ্যোতিস্মিতা, দেৱাশীষ, ৰূপজ্যোতি বিহাৰত জন্মগ্ৰহণ কৰা, গুজৰাটৰ বাসিন্দা অৰবিন্দ সিং আৰু কোহিমাৰে ৰ’জ নামৰ এগৰাকী যুৱতী।
তেওঁলোকে এটা ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে গৈছিল যদিও ট্ৰেকিং আৰম্ভ কৰাত এজেঞ্চিৰ গাইডজনৰ প্ৰয়োজন নহ’লেই। আন এটা দলৰ সৈতেই ব্যস্ত থাকিল গাইড জিতু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f83c18c0-9d8c-4a81-bfce-645aef38e207/e75af225-110b-4e69-8576-9ad6df969bb3.jpg)
গুৱাহাটীৰ এই দলটোৰ লগত আমাৰো হঠাৎ বন্ধুত্ব গাঢ় হৈ পৰিল। এজনে আনজনৰ হাতত ধৰি কঠিনতকৈ কঠিন বাট ভেদি আগবাঢ়িলোঁ। ওখ পাহাৰৰ থিয় বুকুত আমাৰ গিৰিপ গাৰাপ খোজ। পিঠিত প্ৰয়োজনীয় সামগ্ৰীৰে ভৰা বেগ। হাতত নেটৱৰ্ক বিহীন মোবাইল আৰু কেমেৰা।
ভাগৰ নালাগিবলৈ আমি গাবলৈ আৰম্ভ কৰিলো প্ৰিয় শিল্পীৰ গান। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন, পাপনলৈ। মাজে মাজে ইতিহাসৰ কথা। আহোম ৰাজত্বৰ সময়ৰ কথা। ল’ৰা ৰজা, গদাপাণি, জয়মতী আৰু ডালিমীৰ কথা।
যিমান পাৰি আগলৈ আমি আগবাঢ়িছোঁ। এইদৰেই আগবাঢ়ি গৈ প্ৰায় ১ কিলোমিটাৰ থিয় পাহাৰ অতিক্ৰম কৰি আমি উপস্থিত হ’লোগৈ এটা 'ভিউ পইণ্ট'ত। ইয়াৰ চাৰিওফালে ওখ ওখ সেইজীয়া পাহাৰ। এফালে দূৰৈত সুৰু সৰুকৈ জিলিকি আছে কোহিমাৰ গাওঁবোৰ।
এইখিনিতেই কিছু জৰিণি লৈ আমি পুনৰ আগবাঢ়িলো আমাৰ লক্ষ্যস্থান জুকু ভেলী অভিমুখে। অৱশ্যে ইয়াৰ পাছত আৰু ওখ পাহাৰ বগাব নালাগে। পাহাৰৰ ওপৰতেই হাবিৰ মাজে মাজে লুঙ-লুঙীয়া এঢলীয়া খলা বমা পথ।
এই পথৰেই প্ৰায় ৯ কিলোমিটাৰ অতিক্ৰম কৰিব লাগিবৈ জুকু ভেলী পাবলৈ। এই পথছোৱাত আপুনি বেগেৰে যাওঁ বুলি ভাবিলেওঁ যাব নোৱাৰিব। চাৰিওফালৰ পাহাৰৰ সৌন্দৰ্যই আপোনাক ৰৈ ৰৈ সেইবোৰ উপভোগ কৰিবলৈ বাধ্য কৰাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8feb2578-622b-41a1-9aa5-892e9586bc18/767f6925-23d6-4c28-be51-47b7228eeafd.jpg)
আমোৰো সেয়াই হ’ল। পাহাৰৰ এই সৌন্দৰ্যত বিলীন হৈ গ’লো আমি। পাহৰি গ’লো এটা কণ্টকময়, জটিল আৰু পদে পদে বিপদ অতিক্ৰম কৰি দুখে-ভাগৰে জুৰুলা গৈ অলপ আগতে লেবেজান হৈ পাহাৰৰ ওপৰতে বাগৰি পৰাৰ কথা। হঠাৎ আমি ক’ৰ পৰা কেনেকৈ কি শক্তি পালো কোনেও নাজানো। সকলোৰে মুখত কেৱল পাহাৰীয়া সৌন্দৰ্যৰ কথা আৰু প্ৰিয় গীতৰ কলি।
১০-১৫ বজাত আৰম্ভ কৰা আমাৰ যাত্ৰা ৪ ঘণ্টা অতিক্ৰম কৰিলে। ৪ ঘণ্টাৰ মূৰত আমি পালোহি জুকু ৰেষ্ট কেম্প। ৰেষ্ট কেম্পত ভৰি থৈয়েই আমি কেৱল চিঞৰিছো আৰু জপিয়াইছো। কোনোবাই যদি প্ৰশ্ন কৰে সৰগখনে দেখিবলৈ কেনেকুৱা তেন্তে আমি চাগে জুকুৰ সেই সৌন্দৰ্যখিনিতেই সৰগখন লুকাই আছে বুলি ক’বলৈ কুণ্ঠাবোধ নকৰিম।
জুকুত মোবাইলৰ নেটৱৰ্ক নাই মানে নায়েই। বহিঃ বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। পাহাৰৰ মাজে মাজে শুভ্ৰ ডাৱৰ, জুকু উপত্যকাৰ পাতল ঘাঁহনি, বনৰীয়া ফুলৰ সৰু সৰু গছ, ফিৰ ফিৰিয়া বতাহ, কোমল ৰ’দৰ মাজতে হঠাৎ অহা এজাক বৰষুণ, বিশাল ৰামধেনু, পশ্চিম আকাশৰ হেঙুলীয়া আভা আৰু শীতৰ আমেজৰ বাদে আনে একো নাই।
এয়া উপভোগ কৰাৰ যি অনাবিল আনন্দ তাক কোনো কবিয়ে কবিতাৰে অথবা গল্পকাৰ, ঔপন্যাসিকে শব্দৰে, গীতিকাৰে গীতেৰে বুজাব নোৱাৰে। এয়া কেৱল চকুৰে চাই উপলব্ধি হে কৰিব পাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/af0e166c-b5d8-4995-827d-14dc4a5bfb99/b262ee30-5bef-46e2-879c-c4ced6668794.jpg)
আমি বিয়লি ৩ বজাৰ আগতেই জুকুত গৈ উপস্থিত হ’লো যদিও জুকু উপত্যকাৰ বুকুলৈ পিছদিনাহে যোৱাৰ কথা ভাবিলো। তাতেই লগ পালো বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, কলকাতা আদিৰ কেইবাজনো পৰ্যটকক।
বৰষুণৰ মাজত একাপ গৰম চাহ, কোনোবাই আকৌ কাপ্পা নোডেলছ হাতত ললে। আমি আৰম্ভ কৰিলো ৰসাল আড্ডা। আড্ডা জমাই তুলিলে দেৱাশীষ বৰাই। সংগ দিলো আমি সকলোৱে।
দেৱাশীষ, ৰূপজ্যোতি, চুমি, জ্যোতিস্মিতা, প্ৰণামী আৰু ৰ’জে নিশা পাৰ কৰিলে টেণ্টত। অম্লান, অৰবিন্দ সিং আৰু মই পাৰ কৰিলে দৰিমেট্ৰিত। দৰিমেট্ৰিত থাকিবলৈ এজনে দিব লাগে ১০০ টকা। টেণ্ট ল’লে দিব লাগে ৮০০ টকা। কম্বল বা শ্লিপিং বেগৰ বাবদ দিব লাগে ১০০ টকাকৈ। আমি শ্লিপিং বেগ লৈ গৈছিলোঁ। সেয়ে নললোঁ।
বিজুলী সংযোগৰ কোনো ব্যৱস্থা নথকাৰ বাবে সন্ধিয়া ৬ বজাৰ আগতেই নিশাৰ আহাৰ গ্ৰহণ কৰিব লাগে। নিশাৰ আহাৰ হিচাপে ভাত আৰু মেগী তাত উপলব্ধ। নাগা যুৱক কেইজনমানে এইবোৰ যোগান ধৰে।
তেওঁলোকে ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ মূৰত তুলি তালৈকে লৈ যায়। সেয়ে ইয়াৰ মূল্যও অলপ বেছি। এক প্লেট নিৰামিষ ভাতৰ বাবে দিব লাগে ২৫০ টকা। মেগী এক প্লেটৰ বাবে দিব লাগে ৮০ টকা আৰু কাপ্পা নডেলছৰ বাবে দিব লাগে ৭০ টকা। চাহৰ বাবে দিব লাগিব ৩০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0b5dbb7a-4899-4361-8877-7a642b8da7cf/fe47ae03-491c-499e-ace5-61e28b038f38.jpg)
নিশাৰ আহাৰ খায় আমি পুৱা ৪ বজালৈ অপেক্ষা কৰিলোঁ। কিন্তু নিশা আমাৰ টোপনি নাহিল। বহু গল্প শুনিলোঁ, নিজেও গল্পৰ চৰিত্ৰ হৈ পৰিলোঁ। নতুন নতুন অভিজ্ঞতাৰে পুষ্ট হলো। অসম আৰু অসমীয়া মানুহৰ কিছুমান এৰাব নোৱাৰা কু-চৰিত্ৰ সম্পৰ্কেও নতুনকৈ অধ্যয়ন কৰাৰো সুযোগ পালোঁ। পুৱা প্ৰায় ৪ বজাত আমি গাত কেইবাটাও গৰম কাপোৰ মেৰিয়াই পুৱাৰ সৌন্দৰ্য চাবলৈ ওলাই গলোঁ।
চকুৰ আগত সেয়া যেন এখন অন্য পৃথিৱী। এই পৃথিৱীত নাই কোনো যান্ত্ৰিকতা। নাই কোনো হৈ হাল্লা। নাই কোনো প্ৰদূষণ। অপৰূপ সৌন্দৰ্যৰ মায়াত মুগ্ধ হৈ আমি কেৱল চাই থাকিলোঁ সেই দৃশ্য।
দূৰৰ পৰা ভাঁহি আহিছে পাহাৰীয়া নৈ এখনৰ কুলু কুলু শব্দ। এখোজ দুখোজ কৈ আমি এই উপত্যকাৰ মাজলৈ সোমাই গ’লো। ২৪ মে’ৰ এই পুৱাটো আছিল আমাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠতম পুৱা।
প্ৰকৃতিৰ সৌন্দৰ্যত আমি হৈ পৰিলোঁ মতলীয়া। ৰূপজ্যোতি, দেৱাশীষ, জ্যোতিস্মিতাই মাজে মাজে জুকু উপত্যকাত হাত দুয়োখন মেলি আকাশলৈ চাই বাগৰি দিছে। আমি আকৌ জুকু উপত্যকাৰ দৃশ্য বন্দী কৰিলো আমাৰ মোবাইলৰ কেমেৰাত।
মোবাইল ফোনটো কেৱল এই কামতেই ব্যৱহাৰ কৰিলো। এই উপত্যকাত মোবাইলেই নহয়, কোনো যান্ত্ৰিক ব্যৱস্থাৰ পয়োভৰ নাই। জুকু ভেলীৰ এই সৌন্দৰ্যৰ তুলনা নহয়। ইয়াক বৰ্ণনা কৰিবও নোৱাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5ea33df4-d485-4057-82a1-8d80f8018ed3/d5b137fc-cb56-4ef4-a251-4d3a20fd4ec6.jpg)
জুকু ভেলীলৈ যোৱাৰ তেনে কোনো নিৰ্দিষ্ট সময় নাই। সকলো সময়তে যাব পাৰি। কিন্তু ছেপ্টেম্বৰৰ পিছত গ’লে জুকুত ফুল ফুলে। বনৰীয়া অৰ্কিডৰ নান্দনিক সৌন্দৰ্য দেখিবলৈ পায় তাত।
হাতত মাত্ৰ ৩ টা দিন লৈ এই সৰগীয় সুখ লাভ কৰি আহিব পাৰে আপুনি। দেশৰ আন আন ৰাজ্যলৈ যোৱাৰ পূৰ্বে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এই ঠাইসমূহ এবাৰ উপভোগ কৰি আহিব পাৰে আপুনি।
অত্যাধিক যান্ত্ৰিকতাই শ্বিলং, চেৰাপুঞ্জীৰ পূৰ্বৰ সৌন্দৰ্যক ম্লান পেলালে। কিন্তু কোহিমাৰ এই জুকু ভেলী এতিয়াও যান্ত্ৰিকতাৰ পৰা বহু নিলগত। ৪জন বা ৬জন লোক একেলগ হৈ যদি ইয়ালৈ যায় গাইপতি অতি বেছি ৪ হাজাৰ টকাৰ প্ৰয়োজন হ’ব। ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে গ’লে ৫৫০০টকা লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3a6b8078-c08d-45d8-ba5a-e9b777fb6533/a8e56f1c-3bf0-4b1a-8fdd-a0613cec2748.jpg)
জুকু ভেলীত আপুনি কেৱল সৌন্দৰ্যই নেদেখে। নিজকে নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিব আপুনি। মোবাইলবিহীন দুটা দিন পাৰ কৰিব পাৰিব তাত। মোবাইল অবিহনে পাৰ কৰা দুটা দিনত আপুনি নিজক নতুনকৈ বিচাৰি পাব। হয়তো বিচাৰি পাব জীৱনৰ অৰ্থ। তাৰ পূৰ্বে নাগা পৰিয়ালৰ পৰা পৰ্যটন ক্ষেত্ৰত কিদৰে নিজাকৈ অৱদান আগবঢ়াব পাৰি, স্বাৱলম্বী হ’ব পাৰি সেয়া সকলো শিকিব, বুজিবও পাৰিব।