নিচাজাতীয় দ্ৰব্য সেৱন! মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ

নিচাজাতীয় দ্ৰব্য সেৱন! মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা মুম্বাই আৰক্ষীয়ে এখন হুক্কা পাৰ্লাৰত অভিযান চলাই কেইবাজনকো আটক কৰে। আটক কৰা সকলৰ ভিতৰত আছে কমেডিয়ান তথা বিগ বছৰ বিজেতা মুনাৱৰ ফাৰুকী। হুক্কা পাৰ্লাৰখনত অবৈধ দ্ৰব্য সেৱনৰ তথ্য লাভৰ পাছতেই আৰক্ষীয়ে এই অভিযান চলাইছিল।

এই সন্দৰ্ভত আৰক্ষীয়ে কৈছে যে হুক্কাৰ নামত নিচাজাতীয় দ্ৰব্য সেৱনৰ পাছতেই এই অভিযান চলিছিল। তাৰপাছতে উক্ত স্থানত অভিযান চলাই গোচৰ ৰুজু কৰা হৈছে। জিম্মাত লোৱা লোকসকলৰ ভিতৰত মুনাৱৰ ফাৰুকীও আছে।

জানিব পৰা মতে সোধা-পোচাৰ অন্তত মুনাৱৰ আৰু বাকী ১৩ জনক আৰক্ষীয়ে মুকলি কৰি দিয়ে। অৱশ্যে সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনাই যে অবৈধভাৱে হুক্কা পাৰ্লাৰ চলি আছিল। অভিযানৰ সময়ত নগদ ৪,৪০০ টকা আৰু ১৩,৫০০ টকাৰ নটা হুক্কা পাত্ৰ জব্দ কৰা হয়।

নিচাজাতীয় দ্ৰব্য সেৱন! মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ
পবিত্ৰ ৰমজান মাহতেই ছাইদুলে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in