পবিত্ৰ ৰমজান মাহতেই ছাইদুলে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

পবিত্ৰ ৰমজান মাহতেই ছাইদুলে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত তথা ৰঙামাটি গাওঁ পঞ্চায়তৰ অধীনস্থ জুগলীকান্দাত মঙলবাৰ সন্ধিয়া এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰে পত্নীক।

ঘটনাৰ বিৱৰণী মতে ছছলাপাৰা দ্বিতীয় খণ্ডৰ যুগলীকান্দা নিবাসী ছাইদুল ৰহমানে নিজ পত্নী নাছমিনা খাতুনৰ ওপৰত এই বৰ্বৰ ভাবে দা'ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি ঘটনা স্থলীৰ পৰা পলায়ন কৰে। পিছত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে । ইতিমধ্যে ছাইদুলক আৰক্ষীয়ে আটক কৰিছে।

স্থানীয় ৰাইজে জানিব দিয়া মতে পাৰিবাৰিক কন্দলৰ ফলতেই এই ঘটনা সংঘটিত হয়। ছাইদুল ৰহমান আৰু নাছমিনা খাতুনৰ এগৰাকী তিনি বছৰীয়া পুত্ৰ সন্তান আছে।

  উল্লেখযোগ্য যে স্বামী স্ত্ৰী মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল। ফলত ৬ মাহ ধৰি মহিলা গৰাকী নিজ পিতৃৰ ঘৰত আছিল। মঙলবাৰ দিনা পিতৃৰ ঘৰৰ স্বামীয়ে পত্নীক লৈ আহি এই কাণ্ড সংঘটিত কৰে।

পবিত্ৰ ৰমজান মাহতেই ছাইদুলে নৃশংসভাৱে হত্যা কৰিলে পত্নীক
লোকসভা নিৰ্বাচনঃ আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in