মুম্বাইৰ হত্যাকাণ্ডঃপ্ৰেমিকাক হত্যা কৰি আৰক্ষীক চাঞ্চ্যলকৰ স্বীকাৰোক্তি...

মুম্বাইৰ হত্যাকাণ্ডঃপ্ৰেমিকাক হত্যা কৰি আৰক্ষীক চাঞ্চ্যলকৰ স্বীকাৰোক্তি...

ডিজিটেল ডেস্কঃ মুম্বাইৰ মীৰা ৰোডত সংঘটিত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ দেশবাসীক স্তম্ভিত কৰি তুলিছে । ৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে লিভ ইনৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহটো গছ কটা সামগ্ৰীৰে টুকুৰা-টুকুৰ কৰে। কেৱল ইমানেই নহয়, মৃতদেহৰ টুকুৰাবোৰ কুকাৰত সিজায়। বুধবাৰে(৭জুন) পোহৰলৈ আহে এই জঘন্য ঘটনা।

ইতিমধ্য়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মনোজ চান্দক। মনোজে তেওঁৰ প্ৰেয়সী সৰস্বতী বৈদ্য(৩৬)ৰ লগত যোৱা তিনি বছৰ ধৰি মুম্বাইৰ মীৰা ৰোডৰ গীতা নগৰ৭-ৰ গীতা আকাশ দীপ ভৱনত আছিল। মনোজৰ এখন সৰু দোকান আছিল।

শেহতীয়াকৈ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চান্দৰ আইটিআই (ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান) প্ৰমাণপত্ৰও আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰু জেৰা কৰা সময়ত প্ৰতিবাৰে মনোজে নিজৰ ভাষ্য সলনি কৰিছে বুলি শেহতীয়াকৈ আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে । আৰক্ষীৰ মতে দেওবাৰে হত্যা কৰা হৈছিল সৰস্বতীক, আৰু মনোজৰ সন্দেহৰ বাবেই এনে নৃশংসতাৰ বলি হ'ল প্ৰেয়সী সৰস্বতী।

সৰস্বতীৰ মৃতদেহ ডিএনএ টেষ্ট কৰিব আৰক্ষীয়ে । কিয়নো লিভ ইন সম্পৰ্কৰে দুয়োগৰাকী দীৰ্ঘদিনে থাকিলেও কোনোধৰণৰ শাৰিৰীক সমন্ধ নাছিল দুয়োৰে মাজত । কিয়নো মনোজে আৰক্ষীক জনোৱা অনুসৰি মনোজ আক্ৰান্ত হৈ আছে মাৰাত্মক সংক্ৰমিত ৰোগত।

মুম্বাইৰ হত্যাকাণ্ডঃপ্ৰেমিকাক হত্যা কৰি আৰক্ষীক চাঞ্চ্যলকৰ স্বীকাৰোক্তি...
মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা উপাযুক্তৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in