মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা উপাযুক্তৰ...

মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা উপাযুক্তৰ...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহানগৰীৰ গনেশগুৰিত প্ৰিয়া কুমাৰী নামৰ এগৰাকী ছাত্ৰীৰ দুৰ্ঘটনাত নিহত হয় । প্ৰিয়াৰ মৃত্যুৰ পিছতেই উক্ত ঘটনাৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাই জিলা উপাযুক্তক নিৰ্দেশ প্ৰদান কৰিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈছে জিলা উপাযুক্তগৰাকী ।

শুকুৰবাৰৰ দিনটোত কামৰূপ (ম) জিলা উপাযুক্ত পল্লৱ গোপাল ঝাই মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । ২৪ ঘণ্টাৰ ভিতৰত বন্ধ কৰিব লাগিব বাট-পথৰ কাম। কিমান দিনৰ ভিতৰত কাম শেষ কৰিব পাৰিব সেয়া আগতীয়াকৈ জনাব লাগিব প্ৰশাসনক । তদুপৰি কাম কৰাৰ পূৰ্বে NOC তথা প্রশাসনৰ ল’ব লাগিব অনুমতি ।

আজিৰ দিনটোতে গাঁত খণ্ডাৰ বাবে যান-বাহন আৰক্ষী, লোক নিৰ্মাণ বিভাগৰ অনুমতি নোলোৱাৰ বাবেই AK Constructionৰ পৰিচালক বি বালাজীক গ্রেপ্তাৰ কৰিছে । তদুপৰি সকলো বিভাগৰ বিষয়া-ঠিকাদাৰৰ নাম তালিকা প্রস্তুত কৰা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই সকলো দিশ নিজে পৰ্যবেক্ষণ কৰিছে উপাযুক্তগৰাকীয়ে ।

মহানগৰীৰ বাট-পথত চলি থকা কাম বন্ধ কৰাৰ নিৰ্দেশ জিলা উপাযুক্তৰ...
চাপৰত একে গাঁৱৰে ৩ শিশু নিৰুদ্দেশঃ সম্ভেদ পালে জনাওক পৰিয়ালক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in