শেষ হোৱা নাই ক'ভিড কেলেংকাৰীঃ এইবাৰ গোচৰ ৰুজু প্ৰাক্তন মেয়ৰৰ বিৰুদ্ধে

শেষ হোৱা নাই ক'ভিড কেলেংকাৰীঃ এইবাৰ গোচৰ ৰুজু প্ৰাক্তন মেয়ৰৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
শেষ হোৱা নাই ক'ভিড কেলেংকাৰীঃ এইবাৰ গোচৰ ৰুজু প্ৰাক্তন মেয়ৰৰ বিৰুদ্ধে

ডিজিটেল ডেস্কঃ মুম্বাইৰ প্ৰাক্তন মেয়ৰ তথা শিৱসেনা (ইউবিটি)ৰ নেত্ৰী কিশোৰী পেডনেকাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই ৰুজু কৰা এই গোচৰত সাঙোৰ খাইছে আন দুজন নাগৰিক বিষয়াৰ নামো। ক'ভিড-১৯ত ভুক্তভোগীসকলৰ বাবে নিৰ্ধাৰিত বডি বেগ ক্ৰয়ত দুৰ্নীতি কৰাৰ অভিযোগত ৰুজু কৰা হৈছে এই গোচৰ।

Advertisment

তথ্য অনুসৰি শুকুৰবাৰে আগ্ৰিপাদা আৰক্ষী থানাত পঞ্জীয়ন কৰা হয় উক্ত গোচৰ। এই সন্দৰ্ভত বিগত জুলাই মাহতে বিজেপি নেতা কিৰিট চোমাইয়াই দাখিল কৰিছিল এক অভিযোগ। সেই অভিযোগৰ ভিত্তিতেই পেডনেকাৰ আৰু মুম্বাই পৌৰ নিগমৰ দুজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰাৰ অধীনত ৪২০ (প্ৰৱঞ্চনা) আৰু ১২০ (বি) (অপৰাধমূলক ষড়যন্ত্ৰ) গোচৰ ৰুজু কৰা হৈছে ।

বিজেপি নেতা কিৰিট সোমাইয়াই দাখিল কৰা উক্ত অভিযোগত স্পষ্টকৈ উল্লেখ আছে যে- ক'ভিড-১৯ত আক্ৰন্তসকলৰ বাবে প্ৰশাসনৰ তৰহৰ পৰা ক্ৰয় কৰা বডী বেগৰ মূল্য ১,৫০০ টকাৰ বিপৰীতে ৬,৭০০ টকাত ক্ৰয় কৰা বুলি তথ্য দাখিল কৰিছিল মেয়ৰগৰাকীয়ে। যাৰ জৰিয়তে কোটি কোটি টকাৰ পুঁজি আত্মসাৎ কৰে মেয়ৰ কিশোৰী আৰু আন দুজন বিষয়াই । উল্লেখযোগ্য যে, উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ বুলি চৰ্চা চলা মেয়ৰ কিশোৰী ২০১৯ৰ নৱেম্বৰৰ পৰা ২০২২ৰ মাৰ্চ মাহলৈ মেয়ৰৰ পদত অধিষ্ঠিত আছিল।

Also Read: নামত পানী যোগান আঁচনিঃ মক্ৰং পঞ্চায়তত ক্ষুব্ধ কৃষক

Directorate of Vigilance & Anti-Corruption health Govt of India