/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/45a357a8-8230-4426-9635-8bbaaaf36d69/Shluice.jpg)
ডিজিটেল সংবাদ, ঘিলাধাৰীঃ গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত লোণপুৰীয়া, খুটাকটা, বৰকছাৰী, সৰুকছাৰী, ২ নং কছাৰী, ঘিলাধাৰী, চৰকধৰা, মাটিখোলা পথাৰত বৰষুণৰ পানীৰ অভাৱত কৃষিভূমিত পৰ্যাপ্ত পানী নোহোৱাত শালি ধানৰ কঠীয়া ৰুৱ নোৱাৰি কৃষকৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । শাওন মাহ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ কৃষকৰ শ-শ বিঘা মাটি ছন পৰি ৰৈছে ৷ বহু কৃষকে পানীৰ অভাৱত এডৰা মাটি ৰুৱ পৰা নাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/be5d3fe8-8c86-42a2-942d-a66f0415146d/b333e631_e588_4b8c_9ee1_1a4c8554c965.jpg)
একাংশ কৃষকে খাল-পুখুৰী পৰা পানী উঠোৱা যন্ত্ৰৰ যোগেদি কৃষিভূমিলৈ পানী সিঁচিছিল যদিও বৰ্তমান কৃষিভূমিত পানী শুকাই ছিৰাল ফাঁট দিছে ৷ উল্লেখ্য মক্ৰং পঞ্চায়তৰ লোণপুৰীয়া-খুটাকটা কাকডোঙা নদীত খৰাঙৰ সময়ত পূৰ্বৰ পৰা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি ভেঁটা মাৰি পানী কৃষিভূমিলৈ নিছিল ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত এখন শ্লুইছ গেট নিৰ্মাণ কৰাত ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল আৰু কষ্ট নোহোৱাকৈ কৃষিভূমিলৈ পানী লাভ কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/53a36ef2-5a65-43d7-b0da-cd1eeb3fded4/7834a2e4_3f5c_423e_a432_35576c9c1b6f.jpg)
কিন্তু দুখৰ বিষয় যে, শ্লুইছ গেটখন নিৰ্মাণ কৰা মাত্ৰ দুবছৰৰ পিছতে কাকডোঙা নদীৰ মাথাউৰি নিৰ্মাণ কৰিবলৈ লোৱাত ঠিকাদাৰে শ্লুইছ গেটখন মাথাউৰি নিৰ্মাণৰ সময়ত পুঁতি পেলায় ৷ ফলত পুনৰ কৃষকসকলৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ সময়মতে কৃষিভূমিলৈ পানী নিব নোৱাৰাত কৃষিকাৰ্য কৰিব নোৱাৰাৰ বাবে উৎপাদন কমি আহে ৷ ঠিকাদৰৰ এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি শ্লুইছ গেটখন নিৰ্মাণ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে ৷
Also Read: টেঙাখাতত বন সুৰক্ষা কৰ্মী গোটৰ দীক্ষান্ত পেৰেড সমাৰোহ