লিভ-ইন সম্পৰ্কঃ প্ৰেয়সীক হত্যা কৰি টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, পিছত সিজালে কুকাৰত

লিভ-ইন সম্পৰ্কঃ প্ৰেয়সীক হত্যা কৰি টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, পিছত সিজালে কুকাৰত

ডিজিটেল ডেস্কঃ নৃশংস, বৰ্বৰ! এজন মানুহে নৃশংসতাৰ কোনটো সীমালৈ যাব পাৰে সেয়া কল্পনা কৰাতো অসম্ভৱ। কিমান নিকৃষ্ট হ'লে মানুহে নিজৰ আপোনজনক হত্যা কৰিব পাৰে! দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই জোকাৰি গৈছিল দেশ। হয়তো তাতকৈও এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় মুম্বাইত।

মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এক বৰ্বৰ ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি ৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে লিভ ইনৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহটো গছ কটা সামগ্ৰীৰে টুকুৰা-টুকুৰ কৰে। কেৱল ইমানেই নহয়,মৃতদেহৰ টুকুৰাবোৰ কুকাৰত সিজায়। বুধবাৰে(৭জুন) পোহৰলৈ আহে এই ঘটনা।

অভিযুক্ত গৰাকী মনোজ চাহানী বুলি চিনাক্ত হৈছে। মনোজে তেওঁৰ প্ৰেয়সী সৰস্বতী বৈদ্য(৩৬)ৰ লগত যোৱা তিনি বছৰ ধৰি মুম্বাইৰ মীৰা ৰোডৰ গীতা নগৰ৭-ৰ গীতা আকাশ দীপ ভৱনত আছিল। মনোজৰ এখন সৰু দোকান আছিল।

নয়ননগৰ আৰক্ষীয়ে মনোজৰ ওচৰ চুবুৰীয়াৰ পৰা তথ্য় লাভ কৰিছিল যে ঘৰটোৰ পৰা দুৰ্গন্ধ ওলাই আছিল। পৰৱৰ্তী সময়ত ঘৰটোত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ পচি গেলি যোৱা টুকুৰা উদ্ধাৰ কৰিছিল। আৰক্ষীৰ সন্দেহ অনুসৰি ৪-৫ দিন আগত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোজক। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয়।

লিভ-ইন সম্পৰ্কঃ প্ৰেয়সীক হত্যা কৰি টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, পিছত সিজালে কুকাৰত
অনলাইন গেমছৰ জৰিয়তে কেনেকৈ কৰা হয় ধৰ্মান্তকৰণ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in