/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/513b12a8-d535-4721-9350-a14eb6ecd114/Flood_Munbai.jpg)
ডিজিটেল ডেস্ক : কৃত্ৰিম বানত বিধস্ত হৈছে মুম্বাই। যোৱা ২৪ ঘণ্টাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহু অঞ্চল কৃত্ৰিম বানত ডুব গৈছে। বি এম চিৰ তথ্য মতে মালাড অঞ্চলত গছ পৰি মৃত্যুক সাৱতি লৈছে এজন লোকে।
আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত কেন্দ্ৰীয় আৰু পশ্চিম ৰে'লপথত স্থানীয় ৰে'লৰ যাতায়তত ব্যাঘাত আহি পৰিছে। ১.৫ ৰ পৰা ২ ফুট পৰ্যন্ত পানী জমা হোৱাৰ বাবে আন্ধেৰীৰ যানবাহনৰ চলাচলো বন্ধ হৈ পৰিছে। যাৰ বাবে বৈদ্যুতিক যোগান আৰু পৰিবহনৰ বাবে বিশেষ ব্যৱস্থা লৈছে বি এম চিয়ে।
বি এম চিয়ে প্ৰকাশ কৰা তথ্যত মুম্বাইত বিগত ২৪ ঘণ্টাত গছ পৰাৰ ২৬ টা ঘটনা, শ্বৰ্ট চাৰ্কিটৰ ১৫ টা ঘটনা আৰু ঘৰ খহি পৰা বা আংশিকভাৱে ভাঙি পৰাৰ ৫ টা ঘটনা সংঘটিত হয়। দক্ষিণ মুম্বাইৰ পূব আৰু পশ্চিম উপনগৰত বুধবাৰে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত ক্ৰমান্বয়ে ১২.৪৪ মিমি, ৪২.৪১ মিমি আৰু ৪০.৪৬ মিমি বৰষুণ হয় যাৰ বাবে বৰ্তমানেও সুস্থিৰ হোৱা নাই কৃত্ৰিম বান পৰিস্থিতি।
Also Read: ৰাজ্যৰ ৫৩৮ গৰাকী শিক্ষকৰ বদলিত শিক্ষা বিভাগৰ অনুমোদন; ক'ত পাব তালিকা...