বিজেপিলৈ উভতিব বিচাৰে মুকুল ৰয়ে! পুত্ৰই ক'লে, তেওঁ মানসিকভাৱে অসুস্থ

মুকুল ৰয়ে পুনৰ এবাৰ তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। বুধবাৰে তেওঁ কয় যে "মই টিএমচি এৰিছো।

author-image
Asomiya Pratidin
New Update
বিজেপিলৈ উভতিব বিচাৰে মুকুল ৰয়ে! পুত্ৰই ক'লে, তেওঁ মানসিকভাৱে অসুস্থ

ডিজিটেল ডেস্কঃ মুকুল ৰয়ে পুনৰ এবাৰ তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। বুধবাৰে তেওঁ কয় যে "মই টিএমচি এৰিছো। বিজেপিয়ে যি কাম দিয়ে সেই কাম মই কৰিম।

উল্লেখ্য যে, পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পাছত তেওঁ বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।তেওঁ কয় যে, মই বিজেপিৰ লগত কেতিয়াও বিশ্বাসঘাটকতা কৰা নাছিলো। মোৰ স্বাস্থ্য ভাল নাছিল যাৰ বাবে মই কাম-কাজত নিষ্ক্ৰিয় আছিলো।

লগতে কয় যে,টিএমচিৰ পৰা পদত্যাগ কৰাৰ কোনো প্ৰশ্নই নুঠে। কাৰণ মই টিএমচিত নাছিলো। মই বিজেপি বিধায়ক পদৰ পৰা কেতিয়াও পদত্যাগ কৰা নাই। ইয়াৰ পূৰ্বে মঙলবাৰে মুকুল ৰয়ে কৈছিল যে তেওঁ বিজেপিলৈ পুনৰ ঘূৰি যাব বিচাৰে।

এই সন্দৰ্ভত মুকুল ৰয়ৰ পৰিয়ালে মন্তব্য কৰে যে তেওঁৰ মানসিক স্থিতি ঠিক নহয়। তেওঁৰ পুত্ৰ সুভ্ৰংশুৱে কয় যে মুকুল ৰয়ক চিকিৎসাৰ প্ৰয়োজন। সেয়ে তেওঁ বিজেপিলৈ উভতি যোৱাৰ কথাত গুৰুত্ব দিব নালাগে। যি সকলে ৰাজনীতিৰ বাবে মোৰ দেউতাক ব্যৱহাৰ কৰিছে তেওঁলোকে লাজ পাব লাগে।

Also Read: ৰহাৰ ডিমৌ চাৰিআলিৰ কিড একাডেমিৰ নতুন ভৱন উদ্বোধন...

tmc