ৰহাৰ ডিমৌ চাৰিআলিৰ কিড একাডেমিৰ নতুন ভৱন উদ্বোধন...

ৰহাৰ ডিমৌ চাৰিআলিৰ কিড একাডেমিৰ নতুন ভৱন উদ্বোধন...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ডিমৌ চাৰিআলিস্থিত শিক্ষানুষ্ঠান কিড একাডেমিৰ নতুন ভৱনৰ বুধবাৰে শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক শশীকান্ত দাসে ৷ উদ্ধোধনী ভাষনত বিধায়ক দাসে কয় যে, কণ কণ ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ ভৱিষ্যত ৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে দেশৰ সুনাগৰিক ৰূপে গঢ়ি তোলাটোৱেই শিক্ষকৰ প্ৰধান কৰ্তব্য ৷ কিড একাডেমিয়ে বৃহত্তৰ অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰ আৰু অধিক আগুৱাই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

আনহাতে কেক কাটি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰাক্তন মীন মন্ত্ৰী উমেশ দাসে।ভাষনত তেওঁ কয় যে, ঋক বেদৰ মতে এজন শিক্ষক এহেজাৰ পুৰোহিততকৈ শ্ৰেষ্ঠ ৷ কাৰণ শিক্ষকে মানুহ গঢ়িব পাৰে ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে সু-নাগৰিক হ’বলৈ পৰামৰ্শ দি মনোগ্ৰাহী ভাষন আগবঢ়ায় ৷ অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক পৰাণ কুুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী ললিত ডেকা, সুৰেশ ডেকা, পুলিন দাস, নাৰায়ণ দাস, নিৰ্মল চন্দ্ৰ শৰ্মা, প্ৰেমেশ্বৰ শৰ্মা, জীতেন বৰা, হেমন্ত ডেকা, বিনয় বৈৰাগী, ফাকুমনি শৰ্মাকে ধৰি ভালে সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷

বিদ্যালয়ৰ অধ্যক্ষ পৰাগ দাসে আদৰণি ভাষন আগবঢ়োৱা আৰু জ্যোতি দাসে আঁত ধৰি আগবঢ়াই নিয়া অনুষ্ঠানটোত চিৰঞ্জীৎ শৰ্মা, লক্ষীপ্ৰভাদেৱী , জুপিতৰা বৰা, মৌচুমী বৈৰাগী, স্মৃতি ডেকা, সমীৰ বৰাকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী সকল , অভিভাৱক আৰু ছাত্ৰছাত্ৰীসকল উপস্থিত আছিল ৷

ৰহাৰ ডিমৌ চাৰিআলিৰ কিড একাডেমিৰ নতুন ভৱন উদ্বোধন...
অসমীয়া মহিলাৰ নামেৰে নামাকৰণ হ'ব The University of New South Wales ৰ প্ৰেক্ষাগৃহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in