/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/6spc89vx/AP-FOR-WEB-4.jpg)
ডিজিটেল সংবাদ, নতুন দিল্লী : পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে অসম কন্যা। এইবাৰ ৰেম্পত খোজ দি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ জীয়াৰীয়ে। তেঁও হৈছে মনালিছা হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/kn6y17xx/d8e33c83-1f01-474a-84de-9823d6f934e5.jpg)
দুগৰাকীকৈ সন্তান লালন- পালন কৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে মনালিছা হাজৰিকা। যোৰহাটৰ জীয়াৰী তথা সম্প্ৰতি উত্তৰ প্ৰদেশৰ বাসিন্দা মনালিছা হাজৰিকাই লাভ কৰিছে মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ৱৰ্ল্ড ২০২৪ৰ খিতাপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/jo8he6n5/65f73776-06fc-46bd-bcfa-c24540c2d7cf.jpg)
উল্লেখযোগ্য যে ৰাজস্থানত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত তেওঁ গৃহৰাজ্যৰ উপৰি উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰি এই খিতাপ অৰ্জন কৰে। দুগৰাকী সন্তাৰ মাতৃ মনালিছা মডেলিঙৰ সমান্তৰালকৈ এগৰাকী ভাল নৃত্যপটীয়সীও। এই সফলতাৰ পাছতে তেঁও জানিবলৈ দিয়ে যে ২০২৫ বৰ্ষত ভাৰতক প্ৰতিনিধিত্ব কৰি মালেয়াছিয়াত অংশ ল’ব।