/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/we7fb9lr/AP-PROTIBEDON-doctor-.jpg)
একমাত্ৰ সন্তানক মৰমতে নাম দিছিল পোহৰ। পোহৰক লৈয়ে পৃথিৱীখন নতুকৈ চাবলৈ লৈছিল ডাঃ অনিন্দিতাই। বহু সপোন, বহু আশাৰে সকলোৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা অনিন্দিতাক মৃত্যুৰ মুখৰ পৰা কোনেও আজুঁৰি আনিব নোৱাৰিলে। নিয়তিৰ কি পৰিহাস! সবাতোকৈ মৰমৰ পোহৰৰ প্ৰথম জন্মবাৰ্ষিকীতে নেদেখা পৃথিৱীলৈ গুছি গ’ল ডাঃ অনিন্দিতা। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
‘পোহৰ’ তাইৰ বৰ মৰমৰ আছিল। আজি পোহৰৰ প্ৰথমটো জন্মদিন । তাই আমাক বাৰে বাৰে কৈছিল পোহৰৰ জন্মদিনটো বেলেগত নহ’লেও মই হস্পাতালতে পাতিম। কিন্তু...- এই কথাখিনি কোৱাৰ পাছতে আৰু তেওঁ কথা কব নোৱাৰিলে। চকুপানীৰে ভৰি পৰিল তেওঁৰ দুচকু।
কন্যাক হেৰুৱাই দুখ ম্ৰিয়মান হৈ থকা ডাঃ অনিন্দিতা পাটোৱাৰীৰ পিতৃয়ে এইদৰেই থুকাথুকি মাতেৰে কৈ গৈছিল কথাবোৰ। সৰুৰে পৰাই কৃষ্টি-সংস্কৃতিৰ বিভিন্ন দিশৰ লগতে পঢ়া-শুনাতো অতিকৈ মেধাৱী অনন্দিতা পাটোৱাৰীয়ে মনত পুহিঁ ৰখা সপোন বোৰৰ কথা বুকুত এটা শিল লৈ বৰ্ণনা দি গৈছিল পিতৃয়ে।
ডাঃ অনিন্দিতা পাটোৱাৰীৰ জন্ম হৈছিল ১৯৯২চনৰ ৩০মে’ত। সৰুৰে পৰাই মেধাৱী অনিন্দিতাৰ পঢ়াৰ লগতে নৃত্যুত আছিল বিশেষ ৰাপ। সত্ৰীয়া নৃত্যুত অনিন্দিতাৰ আছিল বিশেষ দখল। কেইবাটাও প্ৰতিযোগিতা অংশ লৈ সুনামো অৰ্জন কৰিছিল তেওঁ।
শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ উদ্দেশ্যেৰেই তেওঁ সাংস্কৃতিক দিশটোত আশা কৰা ধৰণে আগবাঢ়িব পৰা নাছিল। তেওঁ ভাৱিছিল পঢ়া সাং কৰাৰ পাছতে সাংস্কৃতিক দিশটোত ন উদ্যমেৰে কাম কৰিব। কিন্তু ভৱা ধৰণে সকলোবোৰ নহ’ল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/iwfdfg30/d7627e6c-e27f-43bb-9025-c770dd59e167.jpg)
২০০৮চনত মেট্ৰিক পাছ কৰিছিল অনিন্দিতাই। মেট্ৰিকত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ উৰ্ত্তীণ হৈছিল অনিন্দিতা। মাত্ৰ কেইটমান নম্বৰৰ বাবে সেই সময়ত শীৰ্ষ ২০টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল অনিন্দিতা। মেট্ৰিকৰ সময়ত অনিন্দিতাৰ মুখত বিৰিঙি উঠা সেই প্ৰাপ্তিৰ হাঁহি সুৱঁৰি উচুপি উঠিল পিতৃ।
বিগত প্ৰায় ১০মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ডাঃ পাটোৱাৰী। কৰ্কট ৰোগৰ সৈতে সবল মানসিকতাৰে যুঁজ দিছিল তেওঁ। স্বামীয়েও ডাঃ পাটোৱাৰীক সুস্থ কৰিবলৈ সকলোখিনি কৰিছিল। কেতিয়াবা ডাঃ অনিন্দিতাই স্বামীৰ হাতখনত খামুচি ধৰি কৈছিল- মই বাচিব লাগিব। বহু কাম কৰিবলৈ আছে...
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/zwm5ofyj/bbb71636-a21d-4ca1-9fd1-29d39ba89ba6.jpg)
গুৱাহাটী চিকিতসা মহাবিদ্যালয়ৰ মাইক্র’বায়’লজি বিভাগৰ ডেমনষ্ট্রেটৰ আছিল ডাঃ পাটোৱাৰী। নিজৰ সৰহবৰহী স্বভাৱৰ বাবে কম সময়তে সকলোৰে আপোন হব পাৰিছিল তেওঁ। চাকৰিৰ সমান্তৰালভাৱে পিতৃ-মাতৃ আৰু শহু-শাহুৰক লৈ সদায়ে সচেতন আৰু দায়ৱদ্ধ আছিল তেওঁ। সকলোকে লগত লৈ কিছুদিনৰ পাছত বিদেশলৈ ফুৰিবলৈ যোৱাৰ প্লেন কৰিছিল। কিন্তু সেই প্লেন বাস্তৱত ৰূপায়িত নহ’ল।
সকলোবোৰৰ মাজতো অনিন্দিতাৰ সবাতোকৈ মৰমৰ আছিল পোহৰ। পোহৰ আছিল অনিন্দিতাৰ একমাত্ৰ সন্তান। ১১নৱেম্বৰ, ২০২৪ত আছিল পোহৰৰ প্ৰথমটো জন্মদিন। অনিন্দিতাই আশা কৰিছিল পোহৰৰ প্ৰথম জন্মদিনটো ধুমধামেৰে পালন কৰিব। কিন্তু দেহাই লগ নিদিলে তেওঁক। ভৰ্তি হব লগা হল গুৱাহাটীৰ হেল্থ চিটি হস্পাতলত। ৰুগীয়া দেহাৰেই স্বামী আৰু পিতৃক অনিন্দিতাই কৈছিল পোহৰৰ জন্মদিনটো মই হস্পাতালতে পাতিম। সকলো যোগাৰ কৰক...।
পোহৰো সাজু হৈছিল জন্মদিন পালন কৰিবলৈ। নতুন কাপোৰ পিন্ধি মাতৃৰ ওচৰলৈ আহিবলৈ লোৱাৰ পৰতে আহিল আকাশ খহিঁ পৰা সেই খবৰটো। পোহৰৰ জীৱনলৈ অমানিশা নমাই অলেখ আশা বুকুত লৈ জীৱনৰ সৈতে হাৰ মানিলে অনিন্দিতাই। তাৰ পিছৰখিনি বৰ্ণনা কৰিব নোৱাৰা এক অৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/iwc1cua0/b384c829-13db-4127-9542-341ce10c05b6.jpg)
মেট্ৰিক পাছ কৰাৰ পাছতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল অনিন্দিতাই। পৰৱৰ্তী পৰ্যায়ত এম বি বি এছত ২০১১ত নামভৰ্তি কৰিছিল যোৰহাটত। তাতে ইন্টাৰ্ণশ্বিপ কৰি ৰুৱেল পোষ্টিঙৰ কাৰনে এটা বছৰ কাম কৰিছিল বৰপেটা মেডিকেল কলেজ হস্পাতালত।
এম ডিৰ কাৰনে অনিন্দিতাই প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ যোৰহাটতে শিক্ষা গ্ৰহণ কৰিছিল। মাইক্র’বায়’লজি বিভাগত তেওঁ অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ ভিতৰত আছিল শীৰ্ষ নম্বৰ প্ৰাপ্ত ছাত্ৰী। জীৱনত সকলোবোৰ ঠিকেই চলি আছিল। ২০২৩চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে অনিন্দিতাৰ দেহত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/6fobk6hr/d8869db2-9c4c-4463-a89f-babb3388f663.jpg)
তাৰ পিছতে তেওঁ চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছিল। প্ৰায় ৪মাহ তাত চিকিৎসা কৰাৰ পাছত গুৱাহাটীতে চলিছিল তেওঁৰ চিকিৎসা। বিগত প্ৰায় ৩-৪ধৰি গুৱাহাটীতে চিকিৎসাধীন হৈ আছিল ডাঃ অনিন্দিতা।
সত্ৰীয়া, কথক আৰু ভকেলত ডাঃ অনিন্দিতা আছিল বিশাৰদ। সত্ৰীয়া নৃত্যুৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰি লণ্ডনলৈও গৈছিল তেওঁ। শিক্ষা, সাংস্কৃতিক সকলো দিশতে পাৰদৰ্শী ডাঃ অনিন্দিতাই মাত্ৰ ৩২বছৰ বয়সতে জীৱন নাট সামৰিব লগা হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ অসম তথা উত্তৰ-পূবত কৰ্কট ৰোগীৰ সংখ্যা অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে। উত্তৰ পূবত প্ৰতি বছৰে নতুনকৈ ১৪ হাজাৰতকৈও অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু মুঠ কৰ্কট ৰোগীৰ সংখ্যা ২ লাখৰ কাষ চাপে। তদুপৰি উত্তৰ পূবত বছৰি ৪০ হাজাৰ আৰু অসমত ৩১ হাজাৰ নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/5sfuvn8p/702dd340-6462-443d-a6c1-c13aa245d393.jpg)
শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, শেহতীয়া বছৰবোৰত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰো বৃদ্ধি পোৱা দেখা গৈছে। সেই প্ৰতিবেদন অনুসৰি, উত্তৰ-পূবত ভাৰতত কৰ্কট ৰোগৰ ঘটনা সৰ্বাধিক আৰু ২০২৫ চনৰ ভিতৰত অঞ্চলটোত কৰ্কট ৰোগীৰ সংখ্যা ১৩.৫% বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে। উত্তৰ-পূব অঞ্চলৰ, মিজোৰামত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ ঘটনা সৰ্বাধিক (প্ৰতি ১০০,০০০ জনসংখ্যাত ২০৭ পুৰুষ আৰু ১৭২.৩ মহিলা)।
মিজোৰামৰ আইজল জিলাত (প্ৰতি ১০০,০০০ জনসংখ্যাত ২৬৯.৪) তাৰ পিছত আছে মেঘালয়ৰ পূব খাচী পাহাৰ জিলা (প্ৰতি ১০০,০০০ জনসংখ্যাত ২২৭.৯) আৰু অসমৰ কামৰূপ মহানগৰ জিলাত (প্ৰতি ১০০,০০০ জনসংখ্যাত ২১৩.০১৩)।
এনেবোৰ ভয়ংকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ অহাৰ মাজতে ডাঃ অনিন্দিতাৰ মৃত্যুয়ে আজি সকলোকে কন্দুৱাই তুলিছে। কৰ্কটৰ দৰে ৰোগে এগৰাকী লোকৰ লগতে এটা পৰিয়ালক কিদৰে নিঃশেষ কৰে সেই অনুভৱ কৰিছে সকলোৱে। ডাঃ অনিন্দিতাৰ খবৰ ৰখা সকলোৰে কাণত এতিয়াও বাজি আছে অনিন্দিতাই কোৱা সেই কথাষাৰ- মই বাচিব লাগিব, মোৰ বহু কৰিবলৈ বাকী আছে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us